নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ দিনৰ কোৱাৰেণ্টাইন বিচাৰিছে আইপিএলৰ দলে

খেলুৱৈক অধিক অনুশীলনৰ সুযোগ দিবলৈ বিচিচিআইক আহ্বান

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ   ভাৰতৰ সলনি ইউনাইটেড আৰব এমিৰেটছত অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলৰ পূর্বে ছদিনৰ পৰিৱর্তে তিনি দিনৰহে কোৱাৰেণ্টাইন বিচাৰিছে আইপিএলৰ অধিকাংশ দলে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে শেহতীয়াকৈ প্রকাশ কৰা এছ’পিত স্পষ্টকৈ উল্লেখ কৰিছিল যে খেলুৱৈসকলে ইউএইত উপস্থিত হোৱাৰ পিছতে ছদিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব৷ কিন্তু অধিকাংশ দলে ব’ৰ্ডৰ এই নিয়মক লৈ সন্তুষ্ট নহয়৷ একেদৰে দলসমূহে খেলুৱৈৰ বাবে হোটেলত মানৱস্পর্শহীন খাদ্য বিতৰণৰ দাবী তুলিছে৷ এই বিষয় দুটা এতিয়াও ব’র্ডে বিবেচনা কৰি আছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত ব’ৰ্ডৰ গৱর্নিং কাউঞ্চিলৰ বৈঠকত প্রকাশ কৰা এছ’পি অনুসৰি প্রতিগৰাকী খেলুৱৈ আৰু ছাপ’ট ষ্টাফে ইউএইত উপস্থিত হোৱাৰ প্রথম, তৃতীয় আৰু ষষ্ঠ দিনা ক’ভিড টেষ্টৰ সন্মুখীন হ’ব লাগিব৷ এই টেষ্টত নিগেটিভ অহাৰ পিছতহে তেওঁলোকে অনুশীলনৰ অনুমতি লাভ কৰিব৷ ইয়াৰ পিছত আইপিএলৰ সময়ছোৱাত প্রত্যেক পাঁচ দিনৰ মূৰে মূৰে খেলুৱৈ তথা ছাপ’ট ষ্টাফৰ ক’ভিড টেষ্ট সম্পন্ন হ’ব বুলি ব’র্ডে ঘোষণা কৰিছে৷ কিন্তু অধিকাংশ ফ্রেঞ্চাইজীয়ে এই নিয়মৰ বিৰোধিতা কৰি কৈছে যে যোৱা ছমাহ ধৰি খেলুৱৈসকল ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে আৰু তেওঁলোকক যথাসম্ভৱ সোনকালে অনুশীলনৰ সুযোগ দিব লাগে৷ মন কৰিবলগীয়া যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আইপিএলত অংশ ল’বলগীয়া ৮টা দলক অহা ২০ আগষ্টৰ পিছতহে ইউএই ভ্রমণৰ আহ্বান জনাইছে৷ জানিব পৰা অনুসৰি, চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডার্ছে আগষ্টৰ দ্বিতীয়টো সপ্তাহতে ডুবাইলৈ উৰা মৰাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু আগতীয়াকৈ দলসমূহ ইউএইত উপস্থিত হ’লে দেশখনৰ চৰকাৰে স্বাস্থ্যজনিত প্রট’কলসমূহ পালনৰ সঠিক ব্যৱস্থাপনা সাজু কৰাৰ পর্যাপ্ত সময় লাভ নকৰিব বুলি ব’র্ডে দলসমূহক ২০ আগষ্টৰ পিছতহে ভ্রমণৰ অনুমতি দিছে৷

You might also like