নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত শান্তিপূৰ্ণ ঈদ উদযাপন

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো আজি পৱিত্ৰ “ঈদুল ফিতৰ” উৎসৱ পালন কৰা হয়। ইছলামধৰ্মী লোকসকলে সম্পূৰ্ণ এমাহ উপবাস থকাৰ পাছত আজি পৰম্পৰাগত ভাৱে ঈদ উদযাপন কৰে। ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা “ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ”ত প্ৰায় দহ হাজাৰ লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। শাৰীবদ্ধ ভাৱে কান্ধত কান্ধ মিলাই নামাজ পঢ়া এই দৃশ্য অতি মনোমোহা।এই ঈদৰ নামাজত ইমামতি কৰে চান্দমাৰিঘাট মছজিদৰ পেছ ইমাম মৌলানা চফিকুৰ ৰহমানে। নামাজৰ অন্তত ইমাম গৰাকীয়ে হিন্দু মুচলমানৰ মাজত সাতাম পুৰুষীয়া মিলা প্ৰীতি, সম্প্ৰীতি আৰু বিশ্বভ্ৰাতৃত্বৰ কথা কয় লগতে বিশ্বশান্তি কামনা কৰি তেওঁ দোৱা আশীৰ্বাদ কৰে। নামাজৰ শেষত ঈদগাহ কমিটিৰ সভাপতি আলহজ আমানুল্লা আনচাৰিয়ে উপস্থিত সকলোতকে ঈদ মোবাৰক আৰু ধন্যবাদ জনায়। শলাগৰ শৰাই আগবঢ়ায় ঈদগাহ কমিটিৰ সম্পাদক আলহজ চৌকত আলিয়ে। তেওঁ ডিব্ৰুগড় জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, বিদ্যুৎ বিভাগ, ডিব্ৰুগড় পৌৰসভা আৰু সংবাদ মাধ্যমৰ লগতে ঈদগাহৰ কৰ্মী সকলক তেঁওলোকে আগ বঢ়োৱা সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড়ত বতৰ ফৰকাল হোৱা বাবে আজি ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা “আলহজ জালালউদ্দিন আহমেদ ঈদগাহ”ত প্ৰায় তিনি হাজাৰ লোকে নামাজত অংশ গ্ৰহণ কৰে। ইয়াত ইমামতি কৰে অসম জামিউল মাদ্ৰাছাৰ হেড মৌলানা মনজুৰ আহমেদে। তেওঁ বিশ্ব শান্তিৰ বাবে পৰম কৰুণাময়ৰ ওচৰত দুহাত তুলি দেশৰ দহৰ বাবে প্ৰাৰ্থনা কৰে। ডিব্ৰুগড়ত থকা ২৭ টা মছজিদটো আজি শান্তিপূৰ্ণ ভাৱে ঈদৰ নামাজ অনুষ্ঠিত হয়। ঈদ উপলক্ষে বিভিন্ন জনে শুভেচ্ছা বাণী পঠিয়াইছে আৰু ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেছনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান, চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডাঃ আহমেদউল্লা খান, সম্পাদক এম হাছিম আলী, উপ-সভাপতিদ্বয় আলহজ চেহিৰ আহমদ, আব্দুল খালেক, ডিব্ৰুগড় জিলাৰ সদৰ কাজী আলহজ মৌলানা আইনান জুবেৰী, ডিব্ৰুগড়ৰ ইমাম সন্থাৰ সভাপতি আলহজ মৌলানা ছবিৰ আহমেদ, সম্পাদক আলহজ মৌলানা আতিকুৰ ৰহমান কাচিমী, বগাবাবা মাঝাৰ শ্বৰীফ কমিটিৰ সভাপতি আব্দুল মতলিব, সম্পাদক আব্দুল চাদেক, উপ সভাপতি আব্দুল চাজিদ, পাঁচআলি যুৱ সংঘৰ সভাপতি চাবৰী খান, সম্পাদক ফৰিদুৰ ৰহমান ,আমোলাপট্টী ঈদগাহ কমিটিৰ সভাপতি আলহজ ছবিৰ আহমেদ, সম্পাদক জাভেদ ৰহমান, ডিব্ৰুগড় জিলাৰ হিলাল কমিটিৰ সম্পাদক আলহজ নাচিমুল গণি, আদি বিভিন্নজনে ঈদৰ শুভেচ্ছা আৰু ঈদ মোবাৰক জনাইছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like