নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰই ৰাজপথত এৰি যোৱা বৃদ্ধই পালে আশ্ৰয়, চাংসাৰি থানাৰ অ’চি প্ৰণৱ ডেকাৰ মহানুভৱতা

নিয়মীয়া বাৰ্তা, চাংসাৰি, ১১ ডিচেম্বৰ : কামৰূপ জিলাৰ চাংসাৰিৰ মদনপুৰত কালি নিজ পুত্ৰই  ৰাজপথত পেলাই থৈ যোৱা ৰুগীয়া বৃদ্ধগৰাকীক অৱশেষত আশ্ৰয়ৰ ব্যৱস্থা কৰি দিলে চাংসাৰি আৰক্ষী থানাৰ অ’চি প্ৰণৱ কুমাৰ ডেকাই।

জীৱনৰ বিয়লি বেলাত নিজ সন্তানৰ পৰা এনেদৰে লাঞ্ছনা, অৱহেলিত হোৱা বৃদ্ধগৰাকীক আৰক্ষী বিষয়াগৰাকীয়ে এইমছত চিকিৎসা প্ৰদান কৰি পাছত আশ্ৰয়ৰ ব্যৱস্থা কৰে। বৃদ্ধগৰাকীক ছুৱেটাৰকে ধৰি কাপোৰ-কানি কিনি দি জালুকবাৰী লংকেশ্বৰস্থিত মিছনেৰী চেৰিটী শান্তিদানত থোৱাৰ ব্যৱস্থা কৰে। বিষয়াগৰাকীৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে ।

অৱশ্যে তেওঁ ইয়াকো কয় যে পৰিয়ালৰ পৰা এনেধৰণৰ নিৰ্যাতিত বা অৱহেলিত বয়সস্থ লোক কেতিয়াবা ৰাজপথত উদ্ধাৰ হ’লে তাক আশ্ৰয় দিবলৈ বৃদ্ধাশ্ৰমসমূহৰ লগত যোগাযোগ কৰা হয় যদিও তেওঁলোকে ৰাখিবলৈ অস্বীকাৰ কৰে। বহু কাকুতি-মিনতি কৰিব লগা হয় । এনে প্ৰেক্ষাপটত লটিঘটি খাবলগীয়া হয় সংশ্লিষ্ট আৰক্ষী থানাখনে। কালি নিশালৈকে একপ্ৰকাৰ বৃদ্ধজনক লৈ অথন্তৰ হয় যদিও অৱশেষত ট্ৰাষ্টটোৱে আশ্ৰয় দিয়াৰ সন্মতি প্ৰকাশ কৰে ।

স্মৰ্তব্য যে কালি দিনৰ আঢ়ৈ মান বজাত চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰত মডাৰ্ন ধাবাৰ ওচৰত শৰীৰত কাপোৰ-কানি অবিহনে থকা বৃদ্ধগৰাকীক উদ্ধাৰ কৰিছিল বাইক আৰোহী যুৱক এজনে । অৰূপ দাস নামৰ শৰীৰ দুৰ্বল তথা ৰুগীয়া বৃদ্ধজনক পুত্ৰ প্ৰদীপ দাসে গাড়ীৰে আনি পেলাই থৈ গৈছিল। গুৱাহাটীৰ মণিৰাম দেৱান পথৰ জ্যোতিনগৰৰ অনুৰাধা চিনেমা হলৰ ওচৰত বাসস্থান বুলি অৱগত কৰা বৃদ্ধগৰাকীৰ পৰিয়ালৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

You might also like