নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক দললৈ সকীয়নি নির্বাচন আয়োগৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মাৰ্চঃ লোকসভা নির্বাচন ২০২৪ৰ নির্বাচনৰ দিন ঘোষণাৰ পূর্বে আজি ৰাজনৈতিক দলসমূহলৈ সকীয়নি দেশৰ নির্বাচন আয়োগৰ৷ নতুন দিল্লীৰ নির্বাচন সদনৰ পৰা যুটীয়া সঞ্চালক অনুজ চন্দ্রকে প্রচাৰ কৰা এক বিবৃতিযোগে নির্বাচনৰ সময়ত প্রচাৰ সভাত নিয়মানুৱর্তিতা বর্তাই ৰাখিবলৈ ৰাজনৈতিক দলসমূহক সকীয়নি প্রদান কৰিছে৷ ৰাজনৈতিক দলসমূহে প্রত্যক্ষ বা পৰোক্ষভাৱে আদর্শ আচৰণবিধি ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও এই বিবৃতিত স্পষ্ট কৰি দিয়া হৈছে৷ নির্বাচন আয়োগে সকলো ৰাজনৈতিক দললৈ সকীয়নিমূলক বিবৃতিত প্রকাশ কৰা মতে কোনো ৰাজনৈতিক দল, প্রার্থী আৰু তাৰকা প্রচাৰকে জাতি বা সাম্প্রদায়িক অনুভূতিৰে ভোটাৰক ভোট দিবলৈ আহ্বান জনাব নোৱাৰিব৷ এনেধৰণৰ মন্তব্য কৰিব নোৱাৰিব, যি মন্তব্যই বিভিন্ন জাতি/সম্প্রদায়/ধার্মিক–ভাষিক গোটৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে৷ অর্থাৎ এই সম্প্রদায়সমূহৰ মাজত সংঘাত হ’ব পাৰে৷ কোনো ৰাজনৈতিক দল অথবা নেতাই ভুৱা বিবৃতি প্রচাৰ কৰিব নোৱাৰিব৷ তথ্যবিহীনভাৱে ভোটাৰক বিপথে পৰিচালিত কৰা মন্তব্য কৰিব নোৱাৰিব৷ আন দলৰ প্রার্থী বা কর্মীক অশোভনীয় মন্তব্য কিম্বা অসাংবিধানিক শব্দ প্রয়োগ কৰি মন্তব্য আগবঢ়াব নোৱাৰিব৷ এনেধৰণৰ অশোভনীয় মন্তব্য আৰু অসাংবিধানিক শব্দ প্রয়োগৰ পৰা আঁতৰত থাকিব লাগিব ৰাজনৈতিক দলৰ নেতা৷ কোনো প্রার্থীৰ ব্যক্তিগত বিষয়ৰ ওপৰত আক্রমণ কৰিব নোৱাৰিব৷ যিবোৰ ব্যক্তিগত কথা ৰাজহুৱা কার্যৰ লগত জড়িত নহয়, সেইবোৰ কথাৰে প্রতিদ্বন্দ্বী প্রার্থীক সমালোচনা কৰিব নোৱাৰিব৷ নিম্নমানৰ ইতিকিংসূচক মন্তব্যৰ পৰা বিৰত থাকিব লাগিব প্রার্থী৷ আনপিনে কোনো মন্দিৰ–মছজিদ, গির্জা–গুৰুদ্বাৰকে ধৰি ধর্মীয় প্রতিষ্ঠানত প্রচাৰ চলাব নোৱাৰিব৷ ভক্ত আৰু দেৱতা সম্পর্কীয় মন্তব্যৰে ভোটাৰক আৱেগিক কৰি তোলাৰ পৰা বিৰত থাকিব লাগিব ৰাজনৈতিক দলৰ নেতা৷ মহিলাৰ সন্মান আৰু মর্যাদা হানিকাৰক মন্তব্য কৰাৰ পৰা বিৰত থাকিব লাগিব ৰাজনৈতিক দল আৰু প্রার্থী৷ সংবাদ মাধ্যমত বিপথে পৰিচালিত বিজ্ঞাপন প্রচাৰ কৰিব নোৱাৰিব৷ বাতৰি আকাৰেও কোনোধৰণৰ বিজ্ঞাপন প্রচাৰ কৰাত প্রতিবন্ধকতা আৰোপ কৰিছে নির্বাচন আয়োগে৷ বিপৰীত প্রার্থী তথা প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে সামাজিক মাধ্যমযোগে ইতিকিংসূচক কিম্বা সন্মান হানিকাৰক কোনোধৰণৰ মন্তব্য প্রচাৰ কৰিব নোৱাৰিব৷ এনেধৰণৰ আচৰণবিধি উলংঘন কৰিলে ৰাজনৈতিক দল, প্রার্থী আৰু তাৰকা প্রচাৰকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও নির্বাচন আয়োগে সকীয়নি প্রদান কৰিছে৷

You might also like