বঢ়মপুৰ সমষ্টিত নিৰ্বাচনী কুচকাৱাজ অগপৰ, লাগে হৃত মৰ্যাদা
বৰ্তমান বিজেপি বিধায়ক জিতু গোস্বামীৰ সমষ্টি বঢ়মপুৰ পুনৰ অগপই বিচাৰিছে। পূৰ্বে একেৰাহে ৬বাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। এই আসন পুনৰ অগপই বিচাৰিব বুলি স্পষ্ট কৰিছে অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তই।
মণিমাধৱ মহন্তই কয়, “বঢ়মপুৰত অসম গণ পৰিষদৰ শিপাও আছে আৰু ভোটৰ ক্ষেত্ৰতো বৰ্তমান ভেটি আছে। যোৱাবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া অসুস্থ হোৱাৰ বাবে আসনখন বিজেপিক এৰি দিছিল। এতিয়া এই আসনখন জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদত বিশ্বাসী লোকৰ হাতলৈ উভতি আহিব। আমি আশা কৰিছোঁ সমগ্ৰ অসম তথা নগাঁও জিলাৰ মানুহৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি বঢ়মপুৰ আসনখন অসম গণ পৰিষদলৈ উভতাই দিব। আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীক যথেষ্ট সহায় কৰিছোঁ আৰু আশা কৰিছোঁ এটা বুজাপৰা মাজেদি আসনখন পুনৰ আমাৰ হ’ব।”
বঢ়মপুৰ আসনৰ ইতিহাসলৈ চাই চালে দেখা যায় য়ে ১৯৯১ চনৰ পৰা ২০২১ চনলৈকে প্ৰফুল্ল কুমাৰ মহন্ত এই সমষ্টিৰ বিধায়ক আছিল। ১৯৮৫ চনত এই সমষ্টিৰ পৰা গিৰীন্দ্ৰ কুমাৰ বৰুৱা অগপৰ প্ৰতিনিধি হিচাপে বিধায়ক হৈছিল। বৰ্তমানেও অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই দাবী কৰিছে যে দলে ইতিমধ্যেই বঢ়মপুৰ আসন পুনৰ দখল কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে।
কংগ্ৰেছ দলৰ মিত্ৰতা সন্দৰ্ভতো মণিমাধৱ মহন্তই মন্তব্য কৰে, “কংগ্ৰেছৰ মিত্ৰতাই অসমৰ মানুহৰ মন জয় কৰিব নোৱাৰে। তেওঁলোকৰ লগত কোনো জাতীয় বা জনগোষ্ঠীয় সংগঠন নাই। সেয়া বাবে আগন্তুক নিৰ্বাচনত কংগ্ৰেছে বিশেষ ফলাফল আশা কৰিব নোৱাৰে। তথাপি শত্রুক দুৰ্বল বুলি নাভাবোঁ। আমাৰ মিত্ৰজোঁটৰ সকলো দল সাজু হৈ আছে। BPF আৰু UPPLৰ লগতো স্পষ্ট নীতি থাকিব।”
মুঠতে, পূৰ্বৰ নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত বঢ়মপুৰ সমষ্টি আৰু নগাঁও জিলাত এইবাৰ অগপৰ তৎপৰতা যথেষ্ট বৃদ্ধি পাইছে। এইক্ষেত্ৰত বিজেপিৰ নীতি আৰু মিত্ৰদলৰ অনুৰোধ পূৰণ কৰা হ’ব নে নহ’ব, সেইটো লক্ষ্যণীয় হ’ব।
ডিজিটেল ডেস্ক, ৯ জানুৱাৰী