নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত নিৰ্বাচনী হিংসা, গাড়ী ক্ষতিগ্ৰস্ত, এজন আহত

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ চমকপ্রদ প্রচাৰ অভিযানৰ অন্ত পৰাৰ পাছত আজি ৰাজ্যৰ ৪৭টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা প্রথম পর্যায়ৰ ভোটগ্রহণত এই প্রক্রিয়া মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিছিল নির্বাচন আয়োগে৷

কিন্তু এনে অৱস্থাতে প্ৰথমটো নিৰ্বাচনী হিংসাৰ ঘটনা পোহৰলৈ আহিছে চামগুৰিৰ পৰা। চামগুৰিত নিৰ্বাচনী বিষয়াৰ গাড়ীত আক্ৰমণ কৰিছে একাংশ লোকে। চামগুৰিৰ বাজিয়াগাঁৱত নিৰ্বাচনী বিষয়াৰ গাড়ীত আক্ৰমণ কৰে দুৰ্বৃত্তই।

ইয়াৰ কিছু সময় আগেয়ে পেনাইৰ ভোটকেন্দ্ৰত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত হয়। বিজেপি সমৰ্থকে বাহন লৈ কেন্দ্ৰটোলৈ আহোঁতে কংগ্ৰেছ সমৰ্থকৰে প্ৰথমে বাক-বিতণ্ডা আৰু ক্ষণিকতে হতাহতি লাগে। এই কাজিয়াত ইটা দলিওৱাত বিজেপি সমৰ্থকৰ গাড়ীৰ ক্ষতি হয়। ঘটনাত এগৰাকী লোকো আহত হয়। তেওঁক ওচৰৰ চামগুৰি প্ৰাথমিক চিকিতসালয়লৈ পঠিওৱা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত নিৰাপত্তাৰক্ষী উপস্থিত হৈছে। উল্লেখ্য, বাজিয়াগাঁৱত নিৰ্বাচনী বিষয়াই গাড়ী এৰি থানালৈ প্ৰাণৰক্ষাৰ বাবে পলাই যাব লগা পৰিস্থিতিৰ উদ্ভৱ হয়।

You might also like