নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুক্লাই চেৰফাঙত একেদিনাই ১৫ কোটি টকাৰ পথ নিৰ্মাণৰ শুভাৰম্ভণি ই এম ৰণেন্দ্ৰ নাৰ্জাৰীৰ

🔴 বিটিআৰ চৰকাৰৰ কাম-কাজত ৰাইজ সন্তুষ্ট : ৰণেন্দ্ৰ নাৰ্জাৰী

নিয়মীয়া বাৰ্তা,  ১৪ মাৰ্চ : বিটিআৰৰ বিজেপি-ইউ পি পি এল মিত্ৰজোঁট চৰকাৰৰ জনকল্যাণমুখী কাম-কাজত ৰাইজ সন্তুষ্ট ৷ এইখন চৰকাৰে ৰাইজক সৰ্বস্ব উজাৰি মৰম দিছে।- এই দাবী বিটিআৰৰ কাৰ্যবাহী পাৰিষদ তথা তামুলপুৰ জিলাৰ শুক্লাই চেৰফাং সমষ্টিৰ ই এম ৰণেন্দ্ৰ নাৰ্জাৰীৰ ৷ আজি শুক্লাই চেৰফাং সমষ্টিৰ ভিন্ন প্ৰান্তত প্ৰায় ১৫ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা বিজেপিৰ বাবে এতিয়া আৰু নিৰ্বাচনত চিন্তা কৰিবলগীয়া বিশেষ একো নাই বুলি উল্লেখ কৰি আগন্তুক সাধাৰণ নিৰ্বাচনত দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া অভিলেখ ভোটেৰে জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ৷ দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বাবে বিপিএফ কোনো ফেক্টৰ নহয় বুলি দাবী কৰি নাৰ্জাৰীয়ে বিটিচিত এতিয়া বিপিএফৰ কাম নাই বুলি উল্লেখ কৰি বিপিএফ দল ৰাইজৰ মনৰ পৰা কেতিয়াবাই ওলাই গৈছে বুলি কয়। কাৰ্যবাহী পাৰিষদ ৰণেন্দ্ৰ নাৰ্জাৰীয়ে আজি শুক্লাই চেৰফাং সমষ্টিৰ অম্বৰীশ নগৰৰ পৰা গৌতমবস্তিলৈ যোৱা পথ, হাজালপাৰা-কুজালপাৰা পথ , হাজালপাৰা-কুজালপাৰা পথৰ ওপৰত থকা পকী দলং, উলুবাৰী-বেটাগাঁও কেএনপি পথ আৰু মাইকী বজাৰৰ বজাৰ গৃহকে ধৰি কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে । আজিৰ কাৰ্যসূচীত কাৰ্যবাহী সদস্যগৰাকীক সংগ দিয়ে দেউচুঙা ভিচিডিচিৰ অধ্যক্ষ কৃষ্ণ খটিওৰা, বিজেপিৰ তামুলপুৰ জিলা জনজাতি মৰ্চাৰ উপ-সভাপতি মণীন্দ্ৰ বসুমতাৰী, বিজেপি নেতা শেষ প্ৰসাদ লুইটেল, তামুলপুৰ জিলা সামাজিক মাধ্যম কোষৰ ৰাহুল দাস, শুক্লাই চেৰফাং ব্লক ইউ পি পিএলৰ উপ-সভাপতি লেবেল বড়ো আৰু গোৰেশ্বৰ পথ সংমণ্ডলৰ সহকাৰী অভিযন্তাকে ধৰি বহুসংখ্যক দলীয় নেতা-কৰ্মীয়ে ৷

প্ৰেৰক পৱন নাথ

You might also like