নিয়মীয়া বাৰ্তা, ৬ আগষ্ট : অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ মহিলা কোষৰ উদ্যোগত আজি বাঁহপৰা হাইস্কুলত আজি এখন পাৰিপাৰ্শ্বিক সজাগতা সভা অনুষ্ঠিত হয়। মহিলা কোষৰ সভানেত্ৰী পদ্মা বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদিকা স্বৰ্ণ চমুৱাই ।সভাখনত সমল ব্যক্তি হিচাপে বক্তব্য ৰাখে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লিখন চন্দ্ৰ বুঢ়াগোহাঁই ,পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিজ্ঞান সমিতিৰ সম্পাদক দিগেন্দ্ৰ নাথ হাজৰিকা,ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় ক্ৰমে ডঃ অমল চন্দ্ৰ দত্ত আৰু নৰেন্দ্ৰ নাথ দত্তই । সজাগতা সভাখনত বাঁহপৰা হাইস্কুল আৰু ডঃ বি আৰ আম্বেদকাৰ হাইস্কুলৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰী ,অভিভাৱক আৰু শিক্ষক -শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ।বক্তা সকলে মানৱ সমাজৰ কাম -কাজৰ কাৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটাৰ সম্পৰ্কে ব্যাখ্যা কৰি ছাত্র সমাজৰ কৰণীয় দিশসমূহৰ ওপৰত আলোকপাত কৰে ।
প্ৰেৰক পুলকজ্যোতি বৰা