নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ-দেশী জনগোষ্ঠীয় মজদুৰ সংঘৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি মাটিৰ প্ৰকৃত গৰাকীক গতাই দিয়াৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰা আৰু দেশী সকলৰ নামত থকা “ডি” ভোটাৰ, বিদেশী ন্যাযাধীকৰনৰ থকা গোচৰ, এনআৰচি পৰা বাদ পৰা আদি সমস্যাৰ পৰা মুক্ত কৰাৰ দাৱীত দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ, ধুবুৰী জিলা আৰু দেশী জনগোষ্ঠীয় মজদুৰ সংঘ, অসমৰ উদ্যোগত আজি ধবুৰীত দুইঘন্টীয়া এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়িত হয়। সেই মৰ্মে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি চহৰখনত এক সমদল উলিয়ায় আৰু ধুবুৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সন্মুখত উপস্থিত হৈ তেওঁলোকৰ দাৱীসমূহ ৰূপায়ণ কৰাৰ দাৱীত প্ৰতিবাদ সাব্যস্ত কৰে। অন্তত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদানেৰে আজিৰ ধৰ্ণা কাৰ্যসূচীৰ অন্ত পৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like