নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত লক্ষাধিক টকা মূল্যৰ শামুক উদ্ধাৰ

বিশেষ বার্তা, ৬ আগষ্ট : নগাঁৱৰ গোমোঠা গাঁও তিনিআলিৰ ওচৰৰ ৩৭ ৰাষ্ট্ৰীয় ঘাই পথত লক্ষাধিক টকা মূল্যৰ শামুক উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। আজি পুৱা স্থানীয় লোকে পথৰ দাঁতিত ৯ বস্তাকৈ শামুক পৰি থকা প্ৰত্যক্ষ কৰি নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰকৃতি প্ৰেমী সংগঠনৰ সহযোগত বস্তা ভৰ্তি শামুক খিনি কলং নৈত পেলাই দিয়ে। আৰক্ষী সূত্ৰই জনোৱা মতে নৈশ বাছত ডিমাপুৰলৈ এই শামুকখিনি নি আছিল। স্বাধীনতা দিৱসৰ বাবে আৰক্ষীয়ে চলোৱা তালাচীৰ উমান পাই শামুক সৰবৰাহকাৰীয়ে শামুকখিনি এনেদৰে পেলাই থৈ যায়।

প্ৰেৰক কনক হাজৰিকা

You might also like