নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৰাইজৰ দলত যোগ দিব প্রাক্তন বিধায়ক আলী আকবৰে

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  কংগ্রেছ–এআইইউডিএফৰ্ মাজত হোৱা মিত্রতাই অৱশেষত কংগ্রেছৰ সংখ্যালঘু শিবিৰত খহনীয়াৰহে সৃষ্টি কৰিলে৷ ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমৰ সভাপতি তথা প্রাক্তন মন্ত্রী মহিবুল হকৰ নেতৃত্বত গৌৰীপুৰৰ কংগ্রেছ নেতা–কর্মীসকলে যোৱা ৭ ফেব্রুৱাৰীত এক ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বিৰোধিতা কৰাই নহয়, আসন্ন বিধানসভা নির্বাচনত তেওঁলোকে নিজাববীয়াকৈ কংগ্রেছ দলৰ পৰা প্রার্থী প্রক্ষেপৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰি সমষ্টিটোত দলৰ উলম্ব বিভাজন ঘটায়৷ ইতিমধ্যে মহিবুল হকৰ নেতৃত্বত সমষ্টিটোত কংগ্রেছ কর্মীসকলে নিজাববীয়াকৈ প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ মহিবুল হকৰ পাছতেই এইবাৰ কংগ্রেছত মোক্ষম আঘাত হানিলে ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমৰ সাধাৰণ সম্পাদক তথা পশ্চিম বিলাসীপাৰা সমষ্টিৰ প্রাক্তন বিধায়ক আলী আকবৰ মিঞাই৷ পূর্বৰে পৰাই এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাৰ বিৰোধিতা কৰি অহা পশ্চিম বিলাসীপাৰা সমষ্টিৰ দুটাকৈ কার্যকালৰ প্রাক্তন বিধায়ক তথা কংগ্রেছ নেতা মিঞাই কাইলৈ আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিব৷ এই সম্পর্কত কাইলৈ সমষ্টিটোত এক যোগদান সমাৰোহৰ আয়োজন কৰা হৈছে৷

প্রাক্তন বিধায়ক মিঞাই জানিবলৈ দিয়া মতে, আজি তেওঁৰ লগতে সমষ্টিটোৰ কংগ্রেছ দলৰ বিভিন্ন উইঙৰ নেতৃত্বই ৰাইজৰ দলত যোগ দিব৷ অৱশ্যে মণ্ডল আৰু বুথ কমিটীসমূহে আজি ৰাইজৰ দলত যোগদান নকৰে৷ অহা ১৫–২০ দিনৰ ভিতৰত মণ্ডল আৰু বুথ কমিটীসমূহে আনুষ্ঠানিকভাৱে কংগ্রেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিব৷ পূর্বৰে পৰাই তেওঁ সাম্প্রদায়িক এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাৰ বিৰোধিতা কৰি আহিছিল৷ এই সম্পর্কত কংগ্রেছ নেতৃত্বক বহুবাৰ অৱগত কৰি ইয়াৰ পৰা হ’ব পৰা দলৰ ক্ষতিৰ বিষয়েও তথ্যসহ জনাইছিল৷ কিন্তু ইমানৰ পিছতো এআইইউডিএফৰে কংগ্রেছে মিত্রতা কৰিলে৷ সেয়ে তেওঁ কংগ্রেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ কংগ্রেছী অসন্তুষ্ট হোৱাৰ বিপৰীতে একেই মিত্রতাত অসন্তুষ্ট হৈ পৰিছে বিলাসীপাৰা পূব সমষ্টিৰ এআইইউডিএফ৷ মূলতঃ এই মিত্রতাৰ ফলত বিলাসীপাৰা পশ্চিম সমষ্টি এআইইউডিএফক এৰি দিয়াৰ বিপৰীতে বিলাসীপাৰা পূব সমষ্টিটো কংগ্রেছক এৰি দিয়াৰ সম্ভাৱনা প্রকট হৈ পৰাৰ পৰিপ্রেক্ষিততে সেই অসন্তুষ্টি সৃষ্টি হৈছে৷

ইয়াৰ পৰিপ্রেক্ষিতত বিলাসীপাৰা পূব সমষ্টিৰ বিগত নির্বাচনৰ এআইইউডিএফৰ প্রার্থী মছলেমউদ্দিনেও কাইলৈ ৰাইজৰ দলত যোগদান কৰিব৷ তেওঁৰ উপৰি বিলাসীপাৰা জিলা এআইইউডিএফৰ উপ–সভাপতি বেহেদ আলীয়েও ৰাইজৰ দলত যোগ দিব৷ তাৰ অংশ হিচাপেই নিজ দলৰ কাম–কাজত ক্ষুব্ধ হৈ পৰা নেতা–কর্মীসকলে বিকল্প হিচাপে ৰাইজৰ দলক বাছি লৈছে৷ কংগ্রেছ আৰু এআইইউডিএফত হোৱা এই খহনীয়াই আসন্ন বিধানসভা নির্বাচনত সমষ্টি দুটাত যে দুয়োটা দলকে ক্ষতি কৰিব, সেয়া সহজেই অনুমেয়৷ ইপিনে, কংগ্রেছ আৰু এআইইউডিএফৰ সূত্রৰ পৰা জানিব পৰা মতে, দুয়োটা দলৰ মাজত আসন বুজাপৰা চূড়ান্ত হোৱাৰ পিছতেই সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত অনুৰূপ পৰিৱেশ বিৰাজ কৰিব৷ দুয়োটা দলৰে সমষ্টিয়ে সমষ্টিয়ে বহু প্রার্থিত্বপ্রত্যাশীয়ে এই মুহূর্তত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে৷ অনাগত দিনত সেইসকলেও মহিবুল হক, আলী আকবৰ মিঞাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব বুলি সূত্রটোৱে প্রকাশ কৰে৷ মুঠতে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ভোটক লক্ষ্য কৰি যি উদ্দেশ্যে কংগ্রেছ আৰু এআইইউডিএফ মিত্রতাপাশত আবদ্ধ হৈছে, সেয়া শেষ মুহূর্তত বুমেৰাং হোৱাৰ সম্ভাৱনাও অস্বীকাৰ কৰিব নোৱাৰি৷ এনে পৰিস্থিতিত কংগ্রেছ আৰু এআইইউডিএফ নেতৃত্বই কেনে ৰণনীতিৰে দল দুটাৰ খহনীয়া ৰোধ কৰে, সেয়াহে লক্ষণীয় হ’ব৷

You might also like