নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহৰ আগমনক লৈ উখল–মাখল বটদ্রৱাঃমন্ত্রী ড০ শর্মাই ল’লে প্রস্তুতিৰ বুজ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থান সত্রক বিশ্বৰ ধর্মীয় আৰু আধ্যাত্মিক গৱেষণা ক্ষেত্র হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ২৩ ছেপ্ঢেম্বৰত বেদখলমুক্ত হোৱা ১৬০ বিঘা ভূমিত ১৮৮ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া বৃহৎ ‘বটদ্রৱা প্রকল্প’ৰ নির্মাণকার্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৫ ফেব্রুৱাৰীত সত্রকৃষ্টিৰ ঐতিহ্য আৰু পৰম্পৰাৰ আধাৰত মাংগলিক কার্যসূচীৰে শুভাৰম্ভ কৰিব বুলি প্রচাৰিত বাতৰিত উল্লসিত হৈছে শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতি৷ এই সন্দর্ভত আজি ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিৰ লগত দ্বিতীয়লানি আলোচনাত মিলিত হৈ অমিত শ্বাহৰ বটদ্রৱা থান দর্শনৰ প্রস্তুতিৰ বুজ লয়৷ প্রথমবাৰৰ বাবে দেশৰ গৃহমন্ত্রী অমিত শ্বাহৰ গুৰুজনাৰ জন্মস্থান বটদ্রৱা ভ্রমণক লৈ শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিয়ে ঐতিহাসিক আখ্যা দি আদৰণি জনাইছে৷ গৃহমন্ত্রী অমিত শ্বাহৰ বটদ্রৱা ভ্রমণক লৈ ইতিমধ্যে গুৰুজনাৰ জন্মস্থানত এক উখল–মাখল পৰিৱেশ বিৰাজ কৰিছে৷

কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক আদৰিবলৈ সাজু হৈ উঠিছে বটদ্রৱা থান পৰিচালনা সমিতিৰ লগতে দুই সত্র নৰোৱা আৰু শলগুৰি সত্রৰ ৰাইজ৷ মঙলবাৰে দিনৰ ভাগত অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল, নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ আৰু উচ্চপদস্থ বিষয়াসকলে প্রকল্পস্থলী পৰিদর্শন কৰে৷ প্রকল্পস্থলীত অনুষ্ঠিত হ’বলগীয়া সভাখনৰ যাৱতীয় সুবিধা–সুবিধাৰ বিষয়ে পুংখানুপুংখভাৱে আজিও শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয়৷ ডেৰ লক্ষাধিক লোকৰ সমাৱেশৰ বাবে পৰিচালনা সমিতিয়েও নিজাববীয়া প্রস্তুতি চলাইছে৷ প্রকল্পস্থলীত হ’বলগীয়া সভাৰ বাবে নির্মাণ কৰা হৈছে অস্থায়ী হেলিপেড৷ বটদ্রৱা থান চৌহদ চাফ–চিকুণ কৰি, চূণ, তেল সানি নতুন ৰূপত সজোৱা হৈছে গৃহমন্ত্রী অমিত শ্বাহৰ ভ্রমণক কেন্দ্র কৰি৷ আজি নিশাৰ ভাগত গৃহমন্ত্রীৰ বটদ্রৱা থান দর্শনৰ তদাৰক কৰিবলৈ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হয়৷ বিত্তমন্ত্রী ড০ শর্মা বটদ্রৱাত উপস্থিত হোৱাৰ পিছত মনোবল বৃদ্ধি পাইছে বটদ্রৱাৰ স্থানীয় ৰাইজৰ লগতে দলীয় কর্মী–সমর্থকৰ মাজত৷ বিত্তমন্ত্রী ড০ শর্মাই পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ লগত আৰু প্রশাসনৰ লগত গৃহমন্ত্রী অমিত শ্বাহৰ ভ্রমণৰ বুজ লয় আৰু কেইবালানিও আলোচনাত মিলিত হয়৷

You might also like