নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ বিৰুদ্ধে তিনিচুকীয়াত আবকাৰী বিভাগৰ অভিযান

বিশেষ বাৰ্তা, ৩০ মাৰ্চ : বাণিজ্যিক চহৰ তিনিচুকীয়াৰ লগতে কাষৰীয়া অঞ্চলসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে অবৈধ সুৰাৰ, ড্ৰাগছ, ভাঙৰ দৰে অবৈধ ব্যৱসায়সমূহ। আজি তিনিচুকীয়া সদৰ আবকাৰী পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত যোৱা আবকাৰী, অৰ্ধসামৰিক বাহিনী, সশস্ত্ৰ আৰক্ষী আৰু তিনিচুকীয়া সংৰক্ষিত আৰক্ষী বাহিনীৰ মহিলা আৰক্ষীৰ এটি দলে বাৰেকুৰি থানাৰ অন্তৰ্গত গৰিয়াটিং (কাঠনিচুক) গাঁৱত আৰু গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নতুনগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ চুলাই মদ আৰু চুলাই প্ৰস্তুত কৰা গেলাপাছ নষ্ট কৰে। অভিযানকালত দলটোৱে প্ৰায় ৮০ লিটাৰ চুলাই মদ, প্ৰায় ৭৫০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলাপাছ চুলাই প্ৰস্তুতত ব্যৱহৃত ভালেসংখ্যক সা-সৰঞ্জাম কাটি-ভাঙি নষ্ট কৰে ।

প্ৰেৰক বিবেক বড়া

You might also like