নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগজিত প’লত দিছপুৰত মিত্রজোঁটৰ চৰকাৰ

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ পশ্চিমবংগত বৃহস্পতিবাৰে বিধানসভা নির্বাচনৰ অন্তিম পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছতে দেশৰ কেইবাটাও সংস্থাই ৫ ৰাজ্যত সম্ভাব্য নির্বাচনী ফলাফলৰ এগ্জিট প’ল ঘোষণা কৰিছে৷ এই এগ্জিট প’ল অনুসৰি অসমত পুনৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি নেতৃত্বাধীন মিত্রজোঁট ক্ষমতালৈ অহাৰ উপৰি পশ্চিমবংগত মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ একেৰাহে তৃতীয়টো কার্যকালৰ বাবে শাসনত অধিষ্ঠিত হ’ব৷ সেইদৰে দক্ষিণৰ ৰাজ্য কেৰালাত চি পি আই (এম) নেতৃত্বাধীন মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নৰ বাঁও গণতান্ত্রিক মর্চা (এল ডি এফ) ক্ষমতালৈ অহাৰ বিপৰীতে তামিলনাডুত এ আই এ ডি এম কেক ওফৰাই ডি এম কে নেতৃত্বাধীন মিত্রজোঁট ক্ষমতালৈ আহিব৷

লক্ষণীয়ভাৱে কেন্দ্রীয়শাসিত ৰাজ্য পুডুচেৰীত কেইবাটাও সংস্থাই বিজেপি ক্ষমতালৈ আহিব বুলি এগ্জিট প’লত ঘোষণা কৰিছে৷ আগন্তুক ২ মে’ত ফলাফল ঘোষণা হ’বলগীয়া এই নির্বাচনৰ ভোটগণনাৰ পূর্বে আজি এবিপি–চি ভোটাৰে এগ্জিট প’লৰ সমীক্ষাত মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছে পশ্চিমবংগত ১৫২ৰ পৰা ১৬৪খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি ঘোষণা কৰিছে৷ ২৯৪ আসনবিশিষ্ট ৰাজ্যখনৰ বিধানসভা নির্বাচন আঠটা পর্যায়ত অনুষ্ঠিত হৈছিল৷ আজি ৰাজ্যখনত ৩৫টা সমষ্টিত অষ্টম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হয়৷ ইফালে অসমত ইণ্ডিয়া টুডে’–এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি ৭৫ৰ পৰা ৮০খন আসন লাভ কৰি বিজেপি পুনৰ ক্ষমতালৈ আহিব৷ এবিপি–চি ভোটাৰৰ সমীক্ষা অনুসৰি অসমত বিজেপি মিত্রজোঁটে ৫৮ৰ পৰা ৭১খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ৫৩ৰ পৰা ৬৬খন আসন লাভ কৰিব৷

ইণ্ডিয়া টুডে’– এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি বিজেপিয়ে অসমত ৭৫ৰ পৰা ৮৫খন আসন লাভ কৰি একেৰাহে দ্বিতীয়টো কার্যকালৰ বাবে ক্ষমতালৈ আহিব৷ এই সমীক্ষাত ইণ্ডিয়া টুডে’ৰ তৰফৰ পৰা কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ৪০ৰ পৰা ৫০খন আসন পাব বুলি ঘোষণা কৰিছে৷ অন্যান্য দলে দুখন আসন পাব পাৰে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে ৰিপাব্লিক টিভি–চিএনএক্সৰ সমীক্ষা অনুসৰি বিজেপি মিত্রজোঁটে অসমত ৭৪ৰ পৰা ৮৪খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ চৰকাৰ গঠন কৰিব৷ ৰিপাব্লিক টিভিৰ সমীক্ষা অনুসৰি ৰাজ্যখনত কংগ্রেছ মহাজোঁটে লাভ কৰিব ৪০ৰ পৰা ৫০খন আসন৷ সেইদৰে আজ টক–এক্সিছৰ এগ্জিট প’লত বিজেপি নেতৃত্বাধীন মিত্রজোঁটক ৭৫ৰ পৰা ৮৫খন আসন দিয়া হৈছে৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক দিয়া হৈছে ৪০ৰ পৰা ৫০খন আসন৷ তদুপৰি অন্যান্যই ১ৰ পৰা ২খন আসন লাভ কৰাৰ সম্ভাৱনীয়তাই ব্যক্ত কৰা হৈছে৷

পশ্চিমবংগত টাইমছ নাও আৰু চি ভোটাৰৰ সমীক্ষা অনুসৰি মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছে ১৫৮খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১১৫খন আসন লাভ কৰিব৷ ইফালে বাঁওপন্থী নেতৃত্বাধীন মহাজোঁটে ১৯খন আসন লাভ কৰাৰ বিপৰীতে অন্যান্যই দুখন আসন লাভ কৰিব বুলি টাইমছ নাও চি ভোটাৰৰ সমীক্ষাত উল্লেখ কৰা হৈছে৷ পশ্চিমবংগত এবিপিৰ সমীক্ষা অনুসৰি তৃণমূল কংগ্রেছে ১৫২ৰ পৰা ১৬৪খন আসন লাভ কৰিব৷ লক্ষণীয়ভাৱে প্রতিটো সংস্থাৰ সমীক্ষাত পশ্চিমবংগত বিজেপিয়ে এক বৃহৎ শক্তি হিচাপে তৃণমূল কংগ্রেছক প্রত্যাহ্বান জনোৱা বুলি উল্লেখ কৰা হৈছে৷ ৰিপাব্লিক টিভি চিএনএক্সৰ সমীক্ষা অনুসৰি তৃণমূল কংগ্রেছে ৰাজ্যখনত ১২৮ৰ পৰা ১৩৮খন আসন লাভ কৰিব পাৰে৷

ইফালে বিজেপিয়ে একক বৃহত্তম দল হিচাপে পশ্চিমবংগত ১৩৮ৰ পৰা ১৪৮খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি ৰিপাব্লিক টিভি–চিএনএক্সে সমীক্ষাত প্রকাশ কৰিছে৷ পুডুচেৰীত ৰিপাব্লিক টিভি–চিএনএক্সৰ সমীক্ষা অনুসৰি বিজেপি নেতৃত্বাধীন এনডিএই ১৬ৰ পৰা ২০খন আসন লাভ কৰিব৷ স্মর্তব্য যে পুডুচেৰীত মুঠ আসনৰ সংখ্যা ৩০খন৷ কংগ্রেছ নেতৃত্বাধীন এছডিয়েই ১১ৰ পৰ ১৩খন আসন লাভ কৰি দ্বিতীয় স্থানত থাকিব বুলি ৰিপাব্লিক টিভি–চিএনএক্সৰ সমীক্ষাত প্রকাশ পাইছে৷ কেৰালাত ইণ্ডিয়া টুডে’–এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি মুখ্যমন্ত্রী বিজয়ন নেতৃত্বাধীন এল ডি এফে ১০৪ৰ পৰা ১২০খন আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ ১৪০ আসনবিশিষ্ট বিধানসভাত মেজিক নম্বৰ হৈছে ৭২৷ ইণ্ডিয়া টুডে’ৰ সমীক্ষা অনুসৰি কংগ্রেছ নেতৃত্বাধীন ইউ ডি এফে ২০ৰ পৰা ৩৬খন আসন লাভ কৰাৰ সম্ভাৱনা আছে কেৰালাত৷

লক্ষণীয়ভাৱে ৰাজ্যখনত এন ডি এই দুখন আসন পোৱাৰ সম্ভাৱনা আছে বুলি ইণ্ডিয়া টুডে’ই সমীক্ষাত প্রকাশ কৰিছে৷ অৱশ্যে ৰিপাব্লিক টিভি–চিএনএক্সৰ সমীক্ষা অনুসৰি ৰাজ্যখনত এল ডি এফে অতি বেছি ৮০খন আসন লাভ কৰাৰ বিপৰীতে ইউ ডি এফে ৬৪খন পর্যন্ত আসন লাভ কৰিব পাৰে৷ এন ডি এই প্রথমবাৰৰ বাবে কেৰালাত একৰ পৰা ৫খন আসন লাভ কৰাৰ সম্ভাৱনা থকা বুলি সমীক্ষাত উল্লেখ কৰা হৈছে৷ এবিপি–চি ভোটাৰ, ইণ্ডিয়া টুডে’–এক্সিছ মাই ইণ্ডিয়া, পি–এমএআৰকিউ আদি বিভিন্ন সংস্থাই অসম, কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীত একেই ফলাফল দেখা যাব বুলি সমীক্ষাত ইংগিত দিছে৷ তামিলনাডুত ৰিপাব্লিক টিভি–চিএনএক্সৰ সমীক্ষা অনুসৰি এ আই এ ডি এম কে মিত্রজোঁটে ৫৮ৰ পৰা ৬৮খন আসনহে লাভ কৰিবলৈ সক্ষম হ’ব৷ ২৩৪ আসনবিশিষ্ট তামিলনাডু বিধানসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ প্রয়োজন ১১৮খন আসনৰ৷ ডি এম কে নেতৃত্বাধীন মিত্রজোঁটে এইবাৰ নির্বাচনত ১৬০ৰ পৰা ১৭০খন আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি ৰিপাব্লিক টিভি–চিএনএক্সে সমীক্ষাত প্রকাশ কৰিছে৷ সেইদৰে এ এম এম কে মিত্রজোঁটে ৰাজ্যখনত ৪ৰ পৰা ৬খন আসন লাভ কৰিব বুলি সমীক্ষাত সদৰী কৰিছে সংস্থা দুটাই৷ লক্ষণীয়ভাৱে অসমত প্রতিটো সংস্থাৰ সমীক্ষাত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি উল্লেখ কৰা হৈছে৷

টি–এমএআৰকেৰ সমীক্ষা অনুসৰি ৰাজ্যখনত বিজেপি মিত্রজোঁটে ৬২ৰ পৰা ৭০খন আসন লাভ কৰিব৷ সেইদৰে কংগ্রেছ মহাজোঁটে ৫৬ৰ পৰা ৬৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে সংস্থাটোৱে৷ টুডে’জ চাণক্যৰ সমীক্ষা অনুসৰি অসমত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ৬১ৰ পৰা ৭৯খন আসন লাভ কৰিব৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ৪৭ৰ পৰা ৬৫খন আসন লাভ কৰিব বুলি সমীক্ষাত উল্লেখ কৰা হৈছে৷ এগ্জিট প’লৰ সমীক্ষা অনুসৰি কেৱল তামিলনাডুত চৰকাৰ সলনি হোৱাৰ বিপৰীতে আন ৰাজ্যকেইখনত ৰাজনৈতিক পৰিস্থিতি অপৰিৱর্তিত হৈ থাকিব বুলি ইংগিত দিছে৷ পুডুচেৰীত কংগ্রেছৰ দুর্গ নির্বাচনৰ পূর্বেই পতন ঘটিছিল৷ নতুনকৈ এইবাৰ কেন্দ্রীয়শাসিত ৰাজ্যখনত বিজেপি নেতৃত্বাধীন এন ডি এই ক্ষমতা দখল কৰাৰ সম্ভাৱনা থকা বুলি ইংগিত দিয়া হৈছে সমীক্ষাটোত৷

লক্ষণীয়ভাৱে এনডি টিভিৰ সমীক্ষা অনুসৰি কেৰালাত এল ডি এফে ৮৫ৰ পৰা ১৪০খন আসন লাভ কৰিব৷ ইয়াৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন ইউ ডি এফে ৫৩খন আসন পোৱাৰ সম্ভাৱনা আছে৷ দক্ষিণৰ ৰাজ্যখনত বিজেপিয়ে দুখন আসন পোৱাৰ সম্ভাৱনা আছে বুলি সংস্থাটোৱে সমীক্ষাত উল্লেখ কৰিছে৷ ইফালে অসমত ৭২খন আসন লাভ কৰি বিজেপি পুনৰ ক্ষমতালৈ আহিব বুলি এনডি টিভিয়ে সমীক্ষাত উল্লেখ কৰিছে৷ তামিলনাডুত ডি এম কেই ১৬৫খন আসন লাভ কৰিব পাৰে বুলিও ইংগিত দিয়া হৈছে৷ পশ্চিমবংগত তৃণমূল কংগ্রেছে ১৪৮খন আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে বিজেপিয়ে ১৩১খন পর্যন্ত আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি ইংগিত দিছে সংবাদ সংস্থাটোৱে৷ ইফালে ইণ্ডিয়া টুডে’ আৰু মাই এক্সিছ ইণ্ডিয়াৰ সমীক্ষাত অসমৰ ২০ শতাংশ লোকে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে বিচাৰে বুলি উল্লেখ কৰা হৈছে৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ৰাজ্যখনৰ ১৯ শতাংশ লোকে পৰৱর্তী মুখ্যমন্ত্রী হিচাপে বিচাৰে বুলি সমীক্ষাটোত প্রকাশ পাইছে৷ লক্ষণীয়ভাৱে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ মুখ্যমন্ত্রী হিচাপে ১৬ শতাংশ লোকে বিচাৰে কলিয়াবৰৰ সাংসদ তথা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈক৷ সেইদৰে ৰিপুণ বৰাক ৩ শতাংশ লোকে মুখ্যমন্ত্রী হিচাপে বিচৰাৰ বিপৰীতে ২ শতাংশই ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে বিচাৰে বদৰুদ্দিন আজমলক৷

You might also like