নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমাৰবন্ধাত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত নামচনীয়া ৰঙাগড়াত আজি এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে, আজি দিনৰ ১.৩০ মান বজাত ৰঙাগড়াত আশাৰাম কৰ্মকাৰে (৫০) পত্নী  ফোল কৰ্মকাৰ ( ৪৭) আৰু পুত্ৰ নৱজিৎ কৰ্মকাৰৰ (১৯)  লগত একেলগে মদ্যপান কৰি থাকোঁতে এটা মোবাইলৰ বিষয়ক লৈ পিতা-পুত্ৰৰ মাজত দুৰ্বাদল কাজিয়াৰ সূত্ৰপাত ঘটে । এই কাজিয়াই ইমানেই চূড়ান্ত পৰ্যায় পায়গৈ যে পিতা-পুত্ৰ দুয়োৱে নিজৰ একমাত্ৰ থকা বাঁহৰ ঘৰটো ভাঙি চূৰমাৰ কৰি পেলায় আৰু পুত্ৰই অৱশেষত এখন কোৰেৰে পিতৃ আশাৰামক  মূৰত কোবাই কোবাই হত্যা কৰে। পিতৃৰ অধিক ৰক্তক্ষৰণ হৈ ঘৰৰ চোতালত মৃত্যু হয়। কমাৰবন্ধাৰ আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্হলীত উপস্থিত হৈ হত্যাকাৰী নৱজিতক কৰায়ত্ত কৰি থানালৈ লৈ আনে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
প্ৰেৰক নবীন গোহাঁই
You might also like