নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত ‘ফেঁহুজালি’

🔹 ‘ফেঁহুজালি’লৈ শ্রেষ্ঠ চুটি তথ্যচিত্রৰ বঁটা

বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : সন্ত্রাসবাদী সংগঠনৰ ছলনাৰ বলি হৈ সংগঠনটোত যোগদান কৰা ৰাজ্যৰ বিপথগামী যুৱক–যুৱতীসকলৰ মর্মস্পর্শী বাস্তৱ সত্যৰে নির্মিত ‘ফেঁহুজালি’ শীর্ষক তথ্যচিত্রখন কালি প্রখ্যাত ১৬সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হয়৷ অসমৰ আৰক্ষী সঞ্চালকপ্রধানৰ তত্ত্বাৱধানত অসম আৰক্ষীৰ শীর্ষ বিষয়া, লেখক ড০ পার্থসাৰথি মহন্তই পৰিচালনা কৰা তথ্যচিত্রখনত দেখুওৱা হৈছে কিদৰে আর্থিক প্রলোভনকে ধৰি দেশভক্তিৰ মিথ্যা প্রৰোচনাৰে ৰাজ্যৰ সহজ–সৰল যুৱক–যুৱতীসকলক একাংশ সন্ত্রাসবাদী সংগঠনে বিপথে পৰিচালিত কৰি আহিছে৷ এই সন্দর্ভত অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে কয় যে বহুসংখ্যক যুৱক–যুৱতীয়ে সন্ত্রাসবাদী সংগঠনৰ প্রৰোচনাত পৰি জীৱনটো ধ্বংস কৰি পেলাইছে৷ গতিকে এনে সত্য কাহিনীবোৰক ৰূপালী পর্দাৰ মাজেৰে প্রতিফলিত কৰি পুনৰ যাতে তেনে ভুল আন যুৱক–যুৱতীয়ে নকৰে, সেয়া তথ্যচিত্রখনত তুলি ধৰা হৈছে৷ মূলতঃ যুৱক–যুৱতীসকলক বাস্তৱৰ প্রতি জগাই তোলাটোৱে আমাৰ মূল লক্ষ্য৷ তথ্যচিত্রখনৰ পৰিচালক ড০ পার্থসাৰথি মহন্তই কয় যে আর্থিক প্রলোভনকে ধৰি নিযুক্তি আদি বিভিন্ন কৌশলক অৱলম্বন কৰি কিদৰে বহু সময়ত সন্ত্রাসবাদী সংগঠনসমূহে যুৱক–যুৱতীসকলক ফান্দত পেলায়, সেয়া তথ্যচিত্রখনত তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে৷ স্বাধীন অসমৰ দোহাই দি একাংশ দুষ্ট প্রকৃতিৰ লোকে নিজৰ অভীষ্ট সিদ্ধিৰ বাবে সহজ–সৰল যুৱক–যুৱতীসকলক পণ্যৰ দৰে ব্যৱহাৰ কৰি আহিছে৷ তেওঁলোকক অবাটে পৰিচালিত কৰি উক্ত লোকসকলে কেৱল নিজৰ উদ্দেশ্যহে সম্পূর্ণ কৰিছে৷

কিন্তু ইয়াৰ মাজতো অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি বহুসংখ্যকে মূলসুঁতিলৈ উভতি আহি সততাৰ পথো বাছি লৈছে৷ উল্লেখ্য যে তথ্যচিত্রখনে একাংশ উগ্রপন্থী সংগঠনৰ প্রকৃত উদ্দেশ্যক উদঙাই দিয়াৰ লগতে উগ্রপন্থাৰ জৰিয়তে যে কোনোধৰণে উদ্দেশ্য সফল অথবা শান্তি স্থাপন নহয়, সেয়া সুন্দৰকৈ প্রতিফলিত কৰিছে৷ লক্ষণীয় যে কালি দর্শনীটোত সহায়তৰ অধ্যক্ষ পদ্মশ্রী বঁটাপ্রাপক ড০ মায়া টেণ্ডনেও ছবিখন উপভোগ কৰি নির্মাতাসকলৰ শলাগ লোৱাৰ লগতে ছবিখনৰ মাজেৰে যুৱপ্রজন্মক উদ্দেশ্যি দিয়া বার্তাৰ শলাগ লয়৷ ইয়াৰ বাদেও ছবিখনে সাধাৰণ দর্শকৰ মাজত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে কালি প্রদর্শিত হোৱা ‘ফেঁহুজালি’য়ে ১৬সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ, ২০২৪ৰ শ্রেষ্ঠ চুটি তথ্যচিত্রৰ বঁটাও লাভ কৰিছে৷ চলচ্চিত্র মহোৎসৱটোত ৮২খন দেশৰ ২,৯৭১খন ছবিয়ে প্রতিযোগিতাত অৱতীর্ণ হৈছিল৷ তাৰ ভিতৰত ৬৭খন দেশৰ ৩২৬খন ছবিয়ে মনোনয়ন লাভ কৰে৷ সর্বশেষত ইয়াৰ মাজৰ পৰা ১৯খন দেশৰ ৭১খন চিনেমা জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ বাবে নির্বাচিত হয়৷

You might also like