নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব প্ৰদেশ কংগ্ৰেছে

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আজি জানিবলৈ দিয়ে এই কথা। আজমল শিলচৰত পদাৰ্পণৰ সময়ত সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ এক ভিডিঅ’ ফেচবুকযোগে প্ৰচাৰ কৰাৰ অভিযোগত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি প্ৰকাশ কৰে ৰিপুণ বৰাই।

ৰিপুণ বৰাই প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই মন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে দিবলগীয়া এজাহাৰৰ সমগ্ৰ কাৰ্যাৱলীৰ দৃশ্যাংশ বন্দী কৰিবলৈ অনুৰোধো জনায় সাংবাদিকসকলক। ভাৰতীয় দণ্ডবিধিৰ ১৫৬ ধাৰাৰ অধীনত এই গোচৰ ৰুজুৰ বাবে এজাহাৰ দাখিল কৰিব কংগ্ৰেছে।

সংবাদমেলত ৰিপুণ বৰাই প্ৰশ্ন উত্থাপন কৰি কয় যে শিলচৰ বিমান বন্দৰত যদি কোনোবাই পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল, তেন্তে তেওঁক কিয় চৰকাৰে ৭২ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিম বুলিও আজি তিনি-চাৰিদিন পিছত কৰিব পৰা নাই।

উল্লেখ্য ফেচবুকযোগে মন্ত্ৰী ড০ শৰ্মাই আপলোড কৰা উক্ত ভিডিঅ’টো ফেচবুকে information-Checked by independent fact checkers টেগ লগাই বন্ধ কৰিছিল। আজি টেগ উঠোৱাই ফেচবুক কৰ্তৃপক্ষই পুনৰ মুকলি কৰি দিছে ভিডিঅ’টো।

You might also like