নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ভাষা বিবাদৰ স্থায়ী মীমাংসাৰ প্রয়োজন

বৈকুণ্ঠনাথ গোস্বামী

অসমীয়া জাতি আজি গভীৰ সংকটত নিমজ্জিত হৈ দিশহাৰা হৈছে৷ এই সংকটৰ উৎপত্তিস্থল হৈছে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ৷ নানা কাৰণত বাংলাদেশৰ (পূর্বৰ ইষ্ট পাকিস্তান) পৰা অসমলৈ যোৱা প্রায় এশ বছৰে লাখ লাখ লোকৰ প্রব্রজন ঘটিছে৷ কোনো বৈধ নথি নোলোৱাকৈ উন্মুক্ত সীমান্তইদি এইসকল অনুপ্রৱেশকাৰীয়ে অসমত প্রৱেশ কৰি বসতি স্থাপন কৰিছে৷ হিন্দু–মুছলমান, উভয় সম্প্রদায়ৰ লোক এই অনুপ্রৱেশকাৰীসকল মাজত আছে৷
বছৰ বছৰ ধৰি চলা এনে প্রব্রজনৰ ফলত অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱর্তন ঘটিছে৷ অসমৰ খিলঞ্জীয়া লোকৰ মাজত তাৰ প্রতিক্রিয়া দেখা গৈছে৷ লাখ লাখ বিদেশী নাগৰিকৰ উপস্থিতিয়ে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হোৱাৰ আশংকা কৰি ৰাইজ বিভিন্ন সময়ত ৰাজপথলৈ ওলাই আহিছে৷ গণ আন্দোলনৰ হেঁচাত অসম চুক্তি সম্পাদন কৰি বিদেশী নাগৰিক চিনাক্ত কৰাৰ বাবে সন্মত হৈছিল কেন্দ্রীয় চৰকাৰ৷ তাৰ পাছৰ কাহিনী সকলোৰে জ্ঞাত৷ সেইবোৰৰ পুনৰুক্তি নিষ্প্রয়োজন৷
আগতেই কোৱা হৈছে, অবৈধ অনুপ্রৱেশকাৰীসকল মাজত হিন্দু–মুছলমান দুয়োটা ধর্মৰে লোক আছে৷ বাংলাদেশত মর্যাদাসহকাৰে নিজৰ ধর্ম ৰক্ষা কৰি বাস কৰাৰ পৰিৱেশ নথকাৰ বাবে বাংলাদেশৰ হিন্দুসকলে জন্মভূমি চিৰকালৰ বাবে ত্যাগ কৰি ভাৰতলৈ (অসম) প্রব্রজন কৰে বুলি কোৱা হয়৷ বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে সেই দেশত সংখ্যালঘু হিন্দুসকলৰ জীৱন আৰু সম্পত্তিক নিৰাপত্তা প্রদান কৰিবলৈ আৰু ধর্মবিশ্বাস পালন কৰাৰ সুযোগ দিয়াৰ বাবে ভালেমান পদক্ষেপ গ্রহণ কৰিছে বুলি দাবী কৰে৷ এনে দাবীৰ ভিত্তি নথকা নহয়৷ কাৰণ বিগত অন্ততঃ দুটা দশকত বাংলাদেশত হিন্দুসকলৰ ওপৰত ব্যাপক হাৰত হত্যা, হিংসাৰ ঘটনা সংঘটিত হোৱা নাই৷ তথাপি চুবুৰীয়া ৰাষ্ট্রখনত হিন্দু জনসংখ্যা ক্রমাৎ নিম্নগামী হৈ আহিছে৷
বাংলাদেশৰ জনমূৰি আয় অসমতকৈ বেছি হোৱা সত্ত্বেও কিয় প্রথমোক্ত ৰাষ্ট্রখনৰ পৰা প্রব্রজন কৰাৰ প্রৱণতা? শাৰীৰিক আক্রমণৰ ঘটনা হ্রাস পালেও হিন্দুসকলে বাংলাদেশত মানসিক নির্যাতনৰ বলি হৈ আহিছে৷ সংখ্যাগুৰু মুছলমানসকলৰ মাজত একাংশ ইছলামিক মৌলবাদীও আছে আৰু তেওঁলোকে সততে হিন্দুবিৰোধী কাম–কাজৰ বাবে উৎসাহ যোগায়৷ স্থানীয় লোক আৰু ওচৰ–চুবুৰীয়াৰ ঘৃণাৰ পাত্র হৈ কোনো দেশতে সংখ্যালঘুসকলে নিজকে নিৰাপদ অনুভৱ নকৰে৷ অনেক হিন্দুৱে বাধ্য হৈ ইছলাম ধর্ম গ্রহণ কৰে আৰু আন একাংশই ধর্মান্তৰিত হ’বলৈ অস্বীকাৰ কৰি সম্ভাব্য বিপদ আৰু প্রতিকূল পৰিস্থিতি আওকাণ কৰি ভাৰতলৈ ঢ়াপলি মেলে৷ স্বধর্ম ৰক্ষা কৰি হিন্দুসকলৰ বাবে মর্যাদাসহকাৰে বাস কৰাৰ পৰিৱেশ নাই বুলি অভিযোগ কৰা শুনা যায়৷
আন্তর্জাতিক বিধিমতে তেওঁলোক শৰণার্থী নহয়, ৰাষ্ট্রহীনো নহয়৷ বহুক্ষেত্রত তেওঁলোকে নিজৰ প্রব্রজনৰ ইতিহাস গোপনে ৰাখে৷ এইসকল ছিন্নমূল লোকে ধর্মৰ লগতে ভাষাটোকো লগত লৈ আহে৷ বাংলাদেশৰ পৰা অনুপ্রৱেশ কৰা বাংলাভাষী হিন্দু হিচাপেই তেওঁলোকৰ পৰিচিতি৷ বাংলাদেশৰ পৰা অবৈধভাৱে প্রব্রজন কৰি অসমত বসতি স্থাপন কৰা হিন্দুৰ সংখ্যা ১১/১২ লাখমান হ’ব বুলি কোৱা হৈছে৷ এইসকল লোকে ১৯৭১ চনৰ ২৫ মার্চৰ পৰৱর্তী কালত অসমত প্রৱেশ কৰিছিল৷ তাৰ আগতে অহা সকলো অবৈধ বাংলাদেশীকে অসম চুক্তি অনুসৰি ভাৰতীয় নাগৰিকত্ব প্রদান কৰা হৈছে৷ ‘কা’ বলৱৎ হোৱাৰ লগে লগে অতিৰিক্ত আনুমানিক ১২ লাখ বাংলাভাষী লোক অসমৰ বৈধ নাগৰিক হ’ব৷ সমস্যা ইমানতে শেষ নহয়৷ অসমত কমেও ৭০ লাখ বাংলামূলৰ মুছলমান লোক আছে৷ তেওঁলোকে নিজৰ ধর্ম ৰক্ষা কৰিও লোকপিয়ল আৰু অন্যান্য ক্ষেত্রত নিজকে অসমীয়াভাষী বুলি পৰিচয় দি আহিছে৷ সতি–সন্ততিসকলে অসমীয়া মাধ্যমত পঢ়া–শুনা কৰি আছে৷ কিন্তু সামাজিকভাৱে তেওঁলোকক ‘মিঞা’ অভিধাৰে সম্বোধন কৰি অৱহেলাৰ চকুৰে চোৱা হয়৷ বছৰৰ পাছত বছৰ ধৰি ভোগ কৰি অহা লাঞ্ছনা–গঞ্জনাৰ পোটক তুলিবলৈ মিঞাসকলৰ একাংশই যদি নিজকে বাংলাভাষী হিচাপে পৰিচয় দিয়ে, অসমীয়াভাষীতকৈ বাংলাদেশীৰ সংখ্যা সৰহ হ’বলৈ কিমানপৰ?
২০১১ চনৰ ভাষিক পিয়ল মতে, অসমত অসমীয়াভাষীৰ সংখ্যা ১ কোটি ৫০ লাখ৷ তাৰ বিপৰীতে বাংলাভাষী লোক ৯০ লাখৰ বেছি৷ বংগমূলীয় মুছলমানসকল আঁতৰি গ’লে আৰু ‘কা’ বলৱৎ হোৱাৰ পাছত অসমীয়াভাষী লোকসকল সংখ্যালঘু হৈ পৰিব৷ অসমৰ প্রধান ভাষা তথা ৰাজ্যিক ভাষা হিচাপে লাভ কৰি মর্যাদা অক্ষুণ্ণ থাকিবনে তাকে লৈ প্রশ্ণ উত্থাপন হৈছে৷ অসমীয়া জাতি যিহেতু ভাষাৰ ওপৰত ভিত্তি কৰি গঠিত হৈছে, ভাষাৰ বিপর্যয়ৰ লগে লগে জাতিৰ অস্তিত্বও বিপন্ন হৈ পৰিব৷
আনহাতে উক্ত বর্ষত সম্পন্ন কৰা লোকপিয়লৰ প্রতিবেদন মতে, অসমৰ মুঠ জনসংখ্যাৰ ৬১.৪৭ শতাংশ হিন্দু৷ সংখ্যাৰ হিচাপত ১,৯১,৮০,৭৫৯গৰাকী৷ মুছলমানৰ সংখ্যা ১,০৬,৭৯,৩৪৫গৰাকী অর্থাৎ মুঠ জনসংখ্যাৰ ৩৪.২২ শতাংশ৷ মুছলমানসকলৰ জন্মৰ হাৰ অধিক হোৱালৈ চাই এই কথা অনুমান কৰিব পাৰি যে যোৱা দহ বছৰত শতাংশ হিচাপত মুছলমানৰ জনসংখ্যাৰ হাৰ হয়তো কিঞ্চিৎ বৃদ্ধি পাইছে৷ তথাপি অসমত হিন্দুতকৈ মুছলমানৰ জনসংখ্যা অদূৰ ভৱিষ্যতে অধিক হ’ব বুলি ভৱিষ্যদ্বাণী কৰাটো বাস্তৱসন্মত নহ’ব৷ আন দৃষ্টিকোণৰ পৰা চালে সমান্তৰালভাৱে অসমীয়াভাষীৰ সংখ্যাও বাঢ়িব৷ অসমীয়া ভাষালৈ আহিব পৰা সম্ভাব্য ভাবুকি স্বাভাৱিকভাৱেই আঁতৰ হ’ব৷
অসমীয়া মানুহ সেয়েহে জাতি আৰু ভাষাৰ ভৱিষ্যৎ সম্পর্কে উদ্বিগ্ণ হৈ পৰিছে৷ অসমক হিন্দুপ্রধান ৰাজ্য হিচাপে ৰখাৰ স্বার্থত বাংলাদেশী হিন্দুসকলক আঁকোৱালি ল’ব নে অসমীয়া ভাষাৰ আধাৰত গঠন হোৱা জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে ধর্মৰ দিশটো আওকাণ কৰিব৷ অধিক বিলম্ব হোৱাৰ আগতে এই সম্পর্কে এক সঠিক সিদ্ধান্ত গ্রহণ কৰিব লাগিব৷ বৌদ্ধিক সমাজে এনেবোৰ স্পর্শকাতৰ বিষয়ৰ ক্ষেত্রত দায়সৰা মন্তব্য দি নিজে নিৰাপদ দূৰত্বত অৱস্থান গ্রহণ কৰা যায়৷ তাৰ বাবে অসমৰ ৰাইজ পূর্বতেও প্রতাৰণাৰ বলি হৈছিল৷ এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটে তাৰ বাবে বুদ্ধিজীৱী সমাজ আগবাঢ়ি আহি নেতৃত্ব লোৱাৰ সময় এতিয়াও উকলি যোৱা নাই বুলিয়েই আমাৰ বিশ্বাস৷ নহ’লে বর্তমানচামৰ বুদ্ধিজীৱীক ইতিহাসে ক্ষমা নকৰিব৷
স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ যুঁজখনৰ উপৰি আন এক শত্রুৰ সৈতে যুঁজিব লগা হৈছে অসমবাসীয়ে৷ সেয়া হ’ল দৰিদ্রতা আৰু কর্মহীনতা৷ জীৱন–জীৱিকাৰ যুঁজ৷ সমগ্র দেশৰ লগতে অসমতো নিবনুৱাৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ লকডাউনে সৃষ্টি কৰা আর্থিক মন্দাৱস্থাৰ কুপ্রভাৱ আমাৰ ৰাজ্যখনতো পৰিছে৷ বৃহৎসংখ্যক লোক কর্মহীন হৈ পৰাত উপার্জনৰ পথ বন্ধ হৈ গৈছে আৰু তেওঁলোকৰ ক্রয় ক্ষমতা দ্রুতগতিত হ্রাস পাইছে৷ তাৰ প্রভাৱ উদ্যোগ খণ্ডতো পৰিছে আৰু নতুন নিযুক্তিৰ পথ ৰুদ্ধ হৈছে৷ ঔদ্যোগিক সামগ্রীৰ বজাৰখন সংকুচিত হৈছে৷ সকলো অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য বিগত তিনি মাহৰ ভিতৰত কেইবাগুণো বৃদ্ধি পাইছে৷ কেন্দ্রীয় চৰকাৰে কেইবাবিধো নিত্য–প্রয়োজনীয় খাদ্য সামগ্রী অত্যাৱশ্যকীয় সামগ্রীৰ তালিকাৰ পৰা বাদ দিয়াত খাদ্য সামগ্রীৰ মূল্য নিয়ন্ত্রণ কৰাত ৰাজ্য চৰকাৰবোৰ অসহায় হৈ পৰিছে৷ খাদ্য সামগ্রীৰ বজাৰখন নিয়ন্ত্রণ কৰাৰ দায়িত্ব বণিক গোষ্ঠীৰ হাতত গতাই দিয়া হৈছে৷ কার্যতঃ ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগটো অপ্রাসংগিক হৈ পৰিছে৷ অসমৰ মুখ্যমন্ত্রী আৰু যোগানমন্ত্রীয়ে বণিক সংস্থাবোৰৰ প্রতিনিধিসকলক মাতি আনি মূল্যমান নিয়ন্ত্রণত ৰাখিবলৈ ‘কঠোৰ সকীয়নি’ দিয়া সত্ত্বেও তালৈ কেৰেপকে কৰা নাই ব্যৱসায়ীসকলে৷ পাচলিৰ বজাৰ নিয়ন্ত্রণ কৰে ছিণ্ডিকেটে৷ কংগ্রেছৰ শাসনকালতো ছিণ্ডিকেট আছিল আৰু এতিয়া বিজেপিৰ দিনতো আছে৷ সেয়ে উৎপাদনকাৰীয়ে পাচলিৰ যি মূল্য লাভ কৰে, তাতকৈ বহুত বেছি দামত উপভোক্তাই কিনি খাবলগীয়া হয়৷ ছিণ্ডিকেটক অমান্য কৰি পৌৰ নিগমক প্রাপ্য কৰ আদায় দিও পাইকাৰী বজাৰত পাচলি বিক্রী কৰাৰ সাহস কোনো উৎপাদনকাৰী বা ব্যৱসায়ীয়ে নকৰে৷ মাছ, কণী, ব্রইলাৰ মুর্গীৰ ক্ষেত্রতো একেই ব্যৱস্থা৷ ফলত এফালেদি উপভোক্তাৰ জেপ উদং হয় আৰু আনফালেদি খেতিয়কসকল ন্যায্য মূল্য লাভৰ পৰা বঞ্চিত হয়৷ মূল্যমান নিয়ন্ত্রণ কৰাটো চৰকাৰৰ বাবে এক বিৰাট প্রত্যাহ্বান৷
ক’ৰোনা অতিমাৰী নিয়ন্ত্রণ কৰা আৰু আর্থিক কর্মকাণ্ড চলাই ৰখা – এই দুয়োটা দিশ চম্ভালা সহজ কাম নহয়৷ লকডাউনে সৃষ্টি কৰা মন্দাৱস্থাই আর্থিক ক্ষেত্রলৈ বিপর্যয় কঢ়িয়াই আনিলে৷ অতিমাৰী এতিয়া শাম কাটিবলৈ আৰম্ভ কৰিছে আৰু জনজীৱনলৈ স্বাভাৱিক ছন্দ ঘূৰি অহাৰ লক্ষণ দেখা গৈছে৷ এনে অৱস্থাত চৰকাৰ আৰু জনসাধাৰণে কান্ধত কান্ধ মিলাই কাম কৰিলেহে বিপর্যস্ত অর্থনীতি পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিব৷
দুর্ভাগ্যৰ কথা, ৰাজ্যখনৰ আর্থিক সংকট দূৰ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি শাসকীয় দল আৰু চৰকাৰ এনে কেতবোৰ বিষয়ক লৈ ব্যস্ত হৈ পৰিছে, যিবোৰৰ সাধাৰণ মানুহৰ জীৱিকাৰ সৈতে সম্পর্ক নাই৷ এগৰাকী কংগ্রেছী বিধায়কে মিঞা সংগ্রহালয়ৰ দাবী উত্থাপন কৰাত ৰাজ্যখনত হৈ–চৈ লাগিল আৰু তাকে লৈ হিন্দুসকলৰ মাজত ধর্মীয় উন্মাদনা সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হ’ল৷ মিঞা মিউজিয়াম প্রতিষ্ঠাৰ দৰে উদ্ভট আৰু অবাস্তৱ দাবী পোনছাটেই চৰকাৰে অগ্রাহ্য কৰি ইছ্যুটোৰ সিমানতে অন্ত পেলাব পাৰিলেহেঁতেন৷ তাকে নকৰি এনে দাবী অসমীয়া সংস্কৃতিৰ ওপৰত মোগলৰ আক্রমণ বুলি অভিহিত কৰাৰ উদ্দেশ্য যে বিধানসভা নির্বাচনৰ আগতে সাম্প্রদায়িক বাতাৱৰণ সৃষ্টি কৰা, সেই কথা স্পষ্ট৷ ধর্মৰ ভিত্তিত জনসাধাৰণৰ মাজত বিভাজন আনিলে তাৰ বিষময় ফল সমগ্র সমাজখনে ভোগ কৰিব লাগিব৷
অভিবাসী মুছলমান বসতিপূর্ণ এলেকাত অসমীয়াৰ জাতীয় উৎসৱ বিহু উদ্যাপন আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন আদি ঘটনাই মূলসুঁতিৰ অসমীয়াৰ সৈতে মিলি যাবলৈ মিঞাসকলৰ আগ্রহৰ জ্বলন্ত প্রমাণ৷ ধর্মৰ ভিন্নতা স্বীকাৰ কৰি লৈও সকলো অসমীয়াভাষী লোক ঐক্যবদ্ধ হ’ব পাৰিলে অসমীয়া ভাষালৈ আহিব পৰা ভাবুকিক প্রতিহত কৰিব পৰা যাব৷ ভাষাক লৈ সময়ে সময়ে সৃষ্টি হোৱা বিবাদৰো স্থায়ী মীমাংসা হ’ব৷
ফোন- ৯৯৫৪০–৩২০৭৬

You might also like