নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আক্রমণৰ পিছতে মিজো আৰক্ষীৰ বন্য উল্লাসঃ অসম আৰক্ষীক ঘেৰি লৈ চলাইছিল নির্বিচাৰ গুলীচালনা 

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ সীমা যুঁজক লৈ অগ্নিগর্ভ হৈ পৰা কাছাৰ জিলাৰ লাইলাপুৰত ৫ আৰক্ষীৰ জোৱানে মিজোৰাম আৰক্ষীৰ গুলীত প্রাণ হেৰুৱাব লগা হোৱা ঘটনাই হতচকিত কৰি তুলিছে ৰাজ্যবাসীক৷ বিশেষকৈ সোমবাৰে সীমান্তত সংঘটিত এই ঘটনাৰ পিছত মিজোৰাম আৰক্ষীৰ একাংশ জোৱান আৰু স্থানীয় লোকে মিলি বন্য উল্লাসত মত্ত হোৱাৰ    এটা ভাইৰেল ভিডি’ৱে ৰাজ্যবাসীক হতভম্ব কৰি তুলিছে৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডি’ত অসম আৰক্ষীৰ দলটোক আক্রমণ কৰাৰ পিছত মিজোৰাম আৰক্ষী আৰু একাংশ লোকে আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছে৷ এই ভিডিঅ’টোত মিজোৰাম আৰক্ষীৰ জোৱানসকলৰ লগতে স্থানীয় লোকসকলে চিঞৰ–বাখৰ কৰি অসম আৰক্ষীৰ জোৱান নিহত হোৱাক লৈ আনন্দ প্রকাশ কৰিছে৷

তদুপৰি আন এটা ভাইৰেল ভিডিঅ’ত একাংশ মিজোৰাম আৰক্ষীৰ জোৱানে এই সমগ্র আক্রমণৰ ঘটনাত মেচিনগান ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছে৷ এই দুয়োটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত সোমবাৰে অসম আৰক্ষীৰ ওপৰত আক্রমণ যে মিজোৰাম আৰক্ষীয়ে পৰিকল্পিতভাৱে কৰিছিল, সেয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ পূর্বৰে পৰা উক্ত অঞ্চলত পৰিকল্পিতভাৱে বাহৰ পাতি অসম আৰক্ষীৰ লোকসকলক আক্রমণৰ বাবে মিজোৰাম আৰক্ষী প্রস্তুত হৈ আছিল বুলিও সামগ্রিকভাৱে ভবাৰ থল আছে৷ কিয়নো অসম আৰক্ষীয়ে কোনোধৰণৰ গুলীচালনা অথবা হিংসাত্মক ঘটনা সংঘটিত নকৰা সত্ত্বেও মিজোৰাম আৰক্ষীয়ে অতর্কিতে আক্রমণ সংঘটিত কৰিছিল৷ কাছাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, আই জি পি আদিকে ধৰি আৰক্ষী আৰু প্রশাসনৰ উচ্চ পর্যায়ৰ বিষয়াসকল উপস্থিত থকাৰ পিছতো মিজোৰাম আৰক্ষীয়ে কৰা আক্রমণৰ ঘটনাক সকলোৱে একমুখে গৰিহণা দিছে৷ 

You might also like