নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল ২লৈ স্থানান্তৰ পাঁচখনকৈ ঘৰুৱা বিমানৰ সেৱা

ডিজিটেল ডেস্ক, ২২ মার্চ : উত্তৰ-পূর্বাঞ্চলৰ বিমান পৰিচালনাত নতুন দিগন্তৰ সূচনা কৰি ইতিমধ্যে আৰম্ভ হোৱা গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নৱনির্মিত টার্মিনেল–২–এ অযুত সম্ভাৱনা কঢ়িয়াই আনিছে৷

উল্লেখ্য যে যোৱা ২২ ফেব্রুৱাৰীৰ পৰা কার্যক্ষম হৈ উঠা টার্মিনেল–২লৈ সম্প্রতি ৫খনকৈ ঘৰুৱা বিমানৰ সেৱা স্থানান্তৰ কৰা হৈছে৷ এই ৫টা সংস্থা হৈছে– স্পাইচ জেট, এলায়েন্স এয়াৰ, এয়াৰ ইণ্ডিয়া এক্সপ্রেছ, এয়াৰ ইণ্ডিয়া আৰু আকাশ এয়াৰ৷ সম্প্রতি ইণ্ডিগ’ আৰু অন্যান্য আন্তঃৰাষ্ট্রীয় বিমানসমূহ টার্মিনেল–১ৰ পৰাই পৰিচালিত হ’ব যদিও উক্ত সেৱাও নতুন টার্মিনেললৈ স্থানান্তৰ কৰা হ’ব বুলি জানিব পৰা গৈছে৷ ঘৰুৱা বিমানসেৱাসমূহ টার্মিনেল–২ৰ পৰা আৰম্ভ হোৱাৰ লগে লগে বিমান পৰিচালনাৰ ক্ষেত্রখনত এক নতুন আৰম্ভণি হ’ব বুলি আশা প্রকাশ কৰিছে বিমান বন্দৰ কর্তৃপক্ষই৷ যাত্রীসকলক এইক্ষেত্রত যাত্রাৰ পূর্বেই নিজৰ এয়াৰলাইন্সৰ সৈতে টার্মিনেলৰ বিৱৰণ পৰীক্ষা কৰিবলৈ পৰামর্শ দিছে কর্তৃপক্ষই৷

মন কৰিবলগীয়া যে টার্মিনেল–২ সম্পূর্ণ ৰূপত সক্রিয় হৈ পৰাৰ লগে লগে গুৱাহাটী বিমানবন্দৰৰ যাত্রী পৰিবহণ ক্ষমতা বছৰি ১৩.১ মিলিয়নলৈ বৃদ্ধি হ’ব, যিয়ে উত্তৰ-পূর্বাঞ্চলৰ বিমান যাতায়াতৰ ক্ষেত্রখন অধিক সুদৃঢ় কৰি তুলিব৷ এই সম্প্রসাৰণে বর্ধিত যাত্রীৰ চাহিদাৰ সৈতে খাপ খুৱাই স্থানীয় সংযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে পর্যটন তথা অর্থনীতি বৃদ্ধিত সহায় কৰিব বুলি আশা প্রকাশ কৰা হৈছে৷ অকল এয়াই নহয়, নতুন টার্মিনেলত যাত্রীয়ে অত্যাধুনিক উন্নত প্রযুক্তিৰ সুবিধা লাভ কৰিব৷ ইয়াৰ ভিতৰত ডিজি যাত্রাৰ সুবিধা, মুখাৱয়ব চিনাক্ত কৰা ডিজিটেল দুৱাৰ, যাত্রীয়ে নিজেই বেগ জমা দিব পৰা কাউণ্টাৰ, সম্পূর্ণ শৰীৰ স্কেন কৰিব পৰা যন্ত্র আৰু স্বয়ংক্রিয় বেগ কঢ়িওৱা ব্যৱস্থাসমূহ অন্যতম৷ ইয়াৰ উপৰি পার্কিং এলেকাত চেক ইন আৰু যাত্রীৰ যাতায়াত সহজ আৰু খৰতকীয়া কৰাৰ সুবিধাও নতুন টার্মিনেলটোত উপলব্ধ হৈছে৷

You might also like