নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বুদ্ধিমত্তাৰে শত্রুক বিচাৰি ধ্বংস কৰিব ভাৰতীয় সেনাৰ ড্রোনে

ডিজিটেল ডেস্ক, ২১ মার্চ : মানৱবিহীন উৰণীয়া যানত এইবাৰ কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিব ভাৰতীয় সেনাই৷ ইজৰাইলৰ সৈতে যুটীয়া উদ্যোগত ‘মেক ইন ইণ্ডিয়া’ কার্যসূচীত দেশতেই নির্মাণ হ’ব এই এআই ড্রোন৷

ইজৰাইলৰ শীর্ষস্থানীয় এআই ৰব’টিক্স এণ্ড ছফটৱেৰ ছিষ্টেমছ সংস্থা ‘এক্সটেণ্ড’ আৰু ভাৰতীয় প্রতিৰক্ষা প্রযুক্তি কোম্পানী ৰায়নিক্স টেকৰ সৈতে এই সংক্রান্তত ১ কোটি ১ লাখ ডলাৰৰ (প্রায় ১০৩ কোটি টকা) বুজাবুজি চুক্তি কৰিছে বুলি তেল আভিভে প্রকাশ কৰিছে৷

প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রৰ খবৰ মতে, যৌথ উদ্যোগত কেৱল এআই ড্রোন নির্মাণেই নহয়, দ্বিপাক্ষিক বুজাপৰাৰ অন্যতম চর্ত হিচাপে প্রযুক্তি হস্তান্তৰ আৰু অপাৰেচনেল সক্ষমতা বৃদ্ধিৰ কার্যসূচীও অন্তর্ভুক্ত হৈছে এই প্রক্রিয়াত৷ উৎপাদিত ড্রোনসমূহৰ ‘ছফটৱেৰ বেকব’ন’ হিচাপে কাম কৰিব ‘এক্সটেণ্ড’ৰ নিজস্ব ‘এগজছ প্লেটফর্মে’, যাৰ সহায়ত স্বয়ংক্রিয়ভাৱে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে শত্রুৰ অৱস্থান চিহ্ণিত কৰি আক্রমণ চলাব এআই ড্রোনে৷

You might also like