নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢালিগাঁৱত চিৰাং আৰক্ষীৰ অভিযানত ইথানল চুৰি চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ

স্থানীয় উৎসৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীয়ে ঢালিগাঁৱত অভিযান চলাই ইন্ধন চুৰিত জড়িত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে ইন্ধন সৰবৰাহ কৰা দুখন টেংকাৰ জব্দ কৰে। চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৱেষ্টৱেল বায়’ৰিফাইনেৰীজ প্ৰাইভেট লিমিটেড ৰাজপট্টী, বৈকুনপুৰ, গোপালগঞ্জৰ (বিহাৰ) পৰা বঙাইগাঁও শোধনাগাৰলৈ প্ৰেৰিত ইথানল ইন্ধন চুৰি কাৰ্যৰ সৈতে জড়িত এটা চক্ৰই টেংকাৰ বাটতে ৰখাই ইন্ধন চুৰি কৰে। আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত অতৰ্কিতে অভিযান চলাই ইথানল সৰবৰাহ কৰা এন এল-০১ এ এফ-২০৬৬ নম্বৰৰ টেংকাৰখন জব্দ কৰে। বঙাইগাঁও শোধনাগাৰলৈ প্ৰায় ৪০ হাজাৰ লিটাৰ ইথানল পৰিবহণ কৰাৰ সময়তে চালক মিহিৰলাল দেৱে টেংকাৰখন শোধনাগাৰৰ পৰিৱৰ্তে অবৈধভাৱে ঢালিগাঁৱৰ আন স্থানলৈ নিয়ে আৰু যথেষ্ট পৰিমাণৰ ইথানল অবৈধভাৱে টেংকাৰখনৰ পৰা উলিয়াই ক’লা বজাৰত বিক্ৰী কৰে।

আৰক্ষীয়ে তদন্তত এই তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। চুৰি কাৰ্য লুকুৱাবলৈ টেংকাৰখন শোধনাগাৰৰ দিশে আগবাঢ়ি যোৱাৰ পূৰ্বে টেংকাৰখনত পানী মিহলাই দিয়াৰো অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি সন্দেহৰ ভিত্তিত আন এখন ইথানল পৰিবহণ কৰা টেংকাৰ (নম্বৰ এন এল-০১ এ জে-৫০৭৯) আৰক্ষীৰ দ্বাৰা পৰীক্ষা কৰা হৈছিল। ওজনব্ৰিজৰ পৰীক্ষণত দ্বিতীয়খন টেংকাৰত ইথানলৰ নিৰ্ধাৰিত পৰিমাণতকৈ কম থকা দেখা গৈছিল। ফলত টেংকাৰখনৰ পৰা ইন্ধন চুৰিৰ স্পষ্ট ইংগিত পোৱা বুলিও আৰক্ষী সূত্ৰই সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে কাজলগাঁও সদৰ থানাত ১৪/২০২৬ নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে চক্ৰটোত জড়িত আন সদস্যসকলক আটক কৰাৰ বাবে চিৰাং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰাকেইজন ক্ৰমে বিষ্ণুমণি দাস (৩০), মিহিৰলাল দেৱ (৪৫), মোবাৰক আলী (৩৫),  আজিমুদ্দিন আলী (৪২), ৰিংখাং নাৰ্জাৰী (৩৭)।

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ৩ ফেব্ৰুৱাৰী :

You might also like