নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীত-সংস্কৃতি-বৈচিত্ৰ্যৰ সমাহাৰেৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সফল সামৰণি

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : সংস্কৃতি, সংগীত আৰু আঞ্চলিক বৈচিত্ৰ্যৰ তিনিদিনীয়া উদযাপনৰ অন্ত পেলাই আজি নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণৰ সফল সমাপ্তি ঘটে। ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ক্ৰেতা, কলা-সংস্কৃতিপ্ৰেমীকে ধৰি খাদ্যৰসিকসকলৰ ব্যাপক সমাগম ঘটে। প্ৰথম দিনকেইটাত পাপন, শ্ৰুতি হাচান আৰু অন্যান্য শিল্পীসকলৰ মন জুৰোৱা প্ৰদৰ্শনৰ পিছত অন্তিম দিনটোত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে তেওঁৰ সুৰৰ যাদুৰে দিল্লীবাসীক মন্ত্ৰমুগ্ধ কৰে। আজি ডিজে ন’-ডি, গাইগৌ বেণ্ড, ৰমণ লামা আৰু বেণ্ড, ৱাংডেন পি শ্বেৰ্পা আৰু ৰাভাটৰৰ সুন্দৰ প্ৰদৰ্শনৰ লগতে বিশেষ কাৰ্যসূচীত আছিল প্ৰয়াত নেপথ্য কণ্ঠশিল্পী কে কেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ বেণ্ডৰ দ্বাৰা প্ৰদৰ্শিত বিশেষ সংগীতানুষ্ঠান। নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই কৃতজ্ঞতা জ্ঞাপন কৰি কয়- “দিল্লীয়ে নিৰন্তৰভাৱে আমাক মৰমৰ বৰ্ষাৰে সিক্ত কৰি আহিছে আৰু এই বছৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। ৰাইজৰ সঁহাৰি সঁচাকৈয়ে চমৎকাৰ। তিনিওদিনেই আগ্ৰহী পৰ্যটকৰ ভিৰ দেখা গ’ল। আমি প্ৰতিষ্ঠিত আৰু উদীয়মান দুই ধৰণৰ শিল্পীৰ বাবে মঞ্চ মুকলি কৰি ৰাখোঁ। বিক্ৰী আশাপ্ৰদ হোৱা বাবে বিপণীসমূহে সন্তুষ্টি প্ৰকাশ কৰাটোৱে আমাকো উৎসাহিত কৰিছে। পৰ্যটনৰ প্ৰতি দৰ্শনাৰ্থীসকলৰ গভীৰ আগ্ৰহ দেখা গ’ল। সকলোৰে বাবে ফেষ্টিভেলৰ বজাৰখন আছিল অন্যতম আকৰ্ষণ। সামগ্ৰিক ফলাফল আমি আশা কৰাৰো বহু ঊৰ্ধ্বতত। সকলোৰে সামূহিক প্ৰচেষ্টাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। অহা বছৰ আপোনালোকক পুনৰ আদৰণি জনাবলৈ আমি অপেক্ষাৰত।” নাগালেণ্ডৰ ভূমি সম্পদ বিভাগৰ আয়ুক্ত সচিব ভি কেজোৰ ভাষ্য খুবেই ইতিবাচক- “নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীত বাস কৰা উত্তৰ-পূবৰ ৰাইজৰ লগত দিল্লীবাসী আৰু সমগ্ৰ দেশ আৰু দেশৰ বাহিৰৰ ব্যক্তিসকল জড়িত হোৱাৰ এক পুনৰুজ্জীৱিত মঞ্চ। আমাৰ বিপণীৰ কফিৰ মন জুৰোৱা সুকীয়া সোৱাদে বহুতো পৰ্যটকক আকৰ্ষিত কৰিছিল। নৰ্থ ইষ্ট ফেষ্টিভেলৰ সময়ত নাগালেণ্ডক কফি প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰা বাবে আমি আয়োজকসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠান অংশগ্ৰহণকাৰীসকলৰ মাজত উন্নত পাৰস্পৰিক বুজাবুজি ৰক্ষাৰ এক উৎকৃষ্ট মাধ্যম।”

পৰম্পৰাগত আচাৰ আৰু হস্তনিৰ্মিত গৃহসজ্জাৰ সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ গুৱাহাটীৰ পৰা অহা চুমি ফুড প্ৰডাক্টৰ চুমি কছাৰীয়ে কয়- “মই বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰোঁ। মিঠা-টেঙাৰ পৰা নিমখীয়া আৰু মচলাযুক্ত আচাৰলৈকে। কিছুমান আচাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আমি বিশেষকৈ ভূত জলকীয়া, অমৰা, জলফাই আৰু বাহ গাঁজৰ আচাৰৰ ভাল ব্যৱসায় কৰিলোঁ। অহা বছৰ পুনৰ অংশগ্ৰহণ কৰিবলৈ বাট চাই আছোঁ।” গাইগৌ বেণ্ডৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কণ্ঠশিল্পী ডব্লিউ দাহৰিনি ভেমাই সংগীত, ফেশ্বন, খাদ্য, নৃত্য আৰু কলাৰ জৰিয়তে মানুহ সংযোগী মঞ্চ হিচাপে ফেষ্টিভেলৰ ভূমিকাৰ কথা কয়- “নৰ্থ ইষ্ট ফেষ্টিভেলে কেৱল নিজা শিল্প প্ৰদৰ্শনৰ বাবেই মঞ্চ প্ৰদান নকৰে, লগতে অঞ্চলটোৰ শিল্পী আৰু সংগীতজ্ঞসকলৰ সংস্পৰ্শলৈ অহাৰ সুযোগো প্ৰদান কৰে৷ যোৱা বছৰৰ ৰক বেটেল প্ৰতিযোগিতাত অন্তিম দলসমূহৰ ভিতৰত থকাটো আমাৰ বেণ্ডৰ বাবে মাইলৰ খুঁটি আছিল। আৰু এই বছৰ আমি মূল মঞ্চত প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱাটোও আমাৰ বাবে অতি উৎসাহৰ কথা। আমি পওলা আৰু ইংৰাজীৰ সংমিশ্ৰণত ইণ্ডি ফ’ক ফিউজন সংগীত প্ৰদৰ্শন কৰোঁ। মণিপুৰৰ সেনাপতি জিলাৰ পৌমা নাগাসকলৰ পওলা ভাষাৰ সংগীতে শান্তি আৰু ঐক্যৰ বাৰ্তা কঢ়িয়ায়।” তামিলনাডুত জন্মগ্ৰহণ কৰা দিল্লীস্থিত নম্ৰথা মুদালিয়াৰে নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁৰ বছৰেকীয়া অংশগ্ৰহণৰ অভিজ্ঞতাৰ কথা এইদৰে ব্যক্ত কৰে- “মই অঞ্চলটোৰ সমৃদ্ধ সংস্কৃতি, মনোমোহা বন্য জীৱন আৰু ইয়াৰ লোকসকলৰ উষ্ণ আতিথ্যৰ প্ৰতি খুবেই আকৰ্ষিত। অঞ্চলটোৰ তিনিখন ৰাজ্য ভ্ৰমণ কৰাৰ পিছত এইবাৰ অৰুণাচল প্ৰদেশত এক দুঃসাহসিক ট্ৰেকিং অভিযানৰ পৰিকল্পনা কৰিছোঁ। এই বছৰ ফেষ্টিভেলত জনজাতীয় মোটিফৰ এটা নগা স্কাৰ্ট আৰু এযোৰ কাণফুলি কিনিছোঁ। ইয়ালৈ আহি সদায়েই বৰ ভাল লাগে।” থলুৱা বস্ত্ৰত সমসাময়িক ডিজাইনেৰে সোণত সুৱগা চৰাই আজিৰ ফেশ্বন শ্ব’ সজাই তোলে উত্তৰ-পূবৰ প্ৰতিভাশালী ডিজাইনাৰ আৰবিন টনজাম, আৰ টু বুটিক আৰু বৰষা ফুকনৰ বসুন্ধৰাই। ফেষ্টিভেলৰ বজাৰ আৰু প্ৰদৰ্শনী ক্ষেত্ৰখনে পৰ্যটকক অহৰহ আকৰ্ষণ কৰিছিল। কেক, ব্ৰেডৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত ব্যঞ্জন যেনে- জাদোহ, শ্বা ফেলি, পোৰা গাহৰি, ভজা হাঁহ, ম’ম’ আৰু ফলৰ ৱাইনে খাদ্যৰসিকসকলক সোৱাদ ল’বলৈ বাধ্য কৰে। আয়োজকসকলে অন্তিম দিনাৰ কাৰ্যসূচীত উত্তৰ-পূব ভাৰতৰ সমস্যাসমূহক মানুহৰ মাজলৈ উলিয়াই অনাৰ ক্ষেত্ৰত অসামান্য ভূমিকা লোৱা আঞ্চলিক সংবাদ মাধ্যমৰ ব্যক্তিত্ব চি কে নায়ক, কল্লোল ভৌমিক আৰু প্ৰাঞ্জল প্ৰতিম দাসৰ ব্যতিক্ৰমী অৱদানক সন্মান জনায়। অজস্ৰ সাংস্কৃতিক অভিজ্ঞতাপূৰ্ণ একাদশ নৰ্থ ইষ্ট ফেষ্টিভেলে আকৌ এবাৰ স্থায়ী প্ৰভাৱ পেলাই অহা বছৰ আৰু অধিক ৰোমাঞ্চকৰ পৰিকল্পনাৰে উভতি অহাৰ আশ্বাস দিয়ে।

You might also like