✅শিৱসাগৰ ইতিহাসৰ সৰ্ববৃহত বানত তচনচ অদ্ধ শতাধিক গাঁও
✅অপৰিৱৰ্তিত শিৱসাগৰৰ বান পৰিস্থিতি
✅ছটাকৈ আশ্ৰয় শিবিৰ মুকলি, অৰ্ধশতাধিক গাঁও ক্ষতিগ্ৰস্ত, এজনৰ মৃত্যু
✅৪৮ ঘন্টাৰ পিছতো জিলা প্ৰশাসনে মুকলি কৰা নাই নিয়ন্ত্ৰণ কক্ষ
নিয়মীয়া বাৰ্তা, ১৭ জুলাই : নাগালেণ্ডৰ পৰা শিৱসাগৰ চহৰৰ মাজেদি দিখৌ মুখত মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ সৈতে মিলিত হোৱা খৰস্ৰোতা দিখৌ নদীৰ সংহাৰী ৰূপত তচনচ হৈ গল নদী পৰীয়া অদ্ধ শতাধিক গাঁৱৰ জনজীৱন৷ মাত্ৰ কেইটা মান ঘন্টাৰ ভিতৰতেই হৰ্ঠাত দিখৌ নদীত বৃদ্ধি পোৱা প্ৰলয়ংকাৰী বানত প্ৰায় পঞ্চাশ হাজাৰতকৈও অধিক লোক ক্ষতি গ্ৰস্থ হোৱাৰ বাতৰি পোৱা গৈছে৷ ফলত গোহালীৰ গৰু আপোন ঘৰ খন হেৰুওৱা সহস্ৰাধীক বন্যাত পৰিয়ালৰ মাজত শিৱসাগৰত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ ৷দিখৌ নদীৰ বলীয়া বানত দিক বিদিক হেৰুওৱা দুৰ্ভগীয়া সকলৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে ছটাকৈ আশ্ৰয় শিবিৰ মুকলি কৰিছে ৷ইয়াৰ মাজতেই প্ৰলয়মকাৰী দিখৌৰ বানত প্ৰথম গৰাকী বন্যাতৰ মৃত্যুৰ খবৰে শোঁকৰ ছা পেলাই ৷উল্লেখ্যে যে, স্বাভাৱীক গতিৰে বয় থকা দিখৌ নদীত নগালেণ্ডৰ দুগম অঞ্চলত অব্যাহত থকা মূষলধাৰ বৰষুণৰ বাবে হৰ্ঠাত উঠিছিল ধল৷ পুঁৱতি নিশা হৰ্ঠাত কাল ৰূপ ধাৰণ কৰি বিপদ সীমাৰ এক মিটাৰ ওপৰেৰে ববলৈ আৰম্ভ কৰা পানীৰ ঢ়লে বন গাও মৌজাৰ শালমৰীয়া অঞ্চলৰ মূল সুৰক্ষা পথটো ভাঙি সমগ্ৰ অঞ্চলটো প্লাবিত কৰি তুলে ৷ফলত বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক পৰিয়ালৰ বাস গৃহৰ লগতে প্ৰাথমিক বিদ্যালয়, নাম ঘৰ সম্পুৰ্ণৰূপে পানীত বুৰ যায় ৷একে সময়তেই দিখৌ নদীৰ পাৰে পাৰে অৱস্থিত নদীপৰীয়া জন বসতি পুৰ্ণ প্ৰায় অদ্ধ শতাধিক গাৱৰ হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ পানীত ডুব যায় ৷আকস্মিক বানত বহু পৰিয়ালৰ মূল্যবান সা-সামগ্ৰী, গোধন পানীত জাহ যায় ৷ইফালে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ৯ নং আৰু ১০ নং ৱাৰ্ডত এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় ৷বহু পৰিয়ালে নিজৰ নিজৰ বাস গৃহৰ পৰা কোনো মূল্যবান সা- সামগ্ৰীয়েই উলিয়াবলৈ সক্ষম নহল ৷১০ নং ৱাৰ্ডৰ ন-পাম গাঁৱৰ পাঁচ শতাধিক পৰিয়ালৰ বাস গৃহ সম্পুৰ্ণৰূপে দিখৌৰ বলীয়া বানৰ কবলত পৰে ৷বাস গৃহ সমুহত আৱদ্ধ লোক সকলক এচ ডি আৰ এফৰ স্পীৰ্ড বোটৰ সহায়ত কালি বিয়লি উদ্ধাৰ কৰা হয় ৷৯ নং ৱাৰ্ডৰ বঙালী পট্টী, ঔটেঙা বাৰী, আমোলাপট্টী দিখৌ পাৰ, থানা মুখ, দৰবাৰ ৰোড, চুকৰ গাও, অৰ্জুন গুৰি, কমাৰ ফদীয়া, কোঁৱৰপুৰ,যোগনীয়া, শেনচোৱা, বলীয়া ঘাট, কাৰি গাও, বাঘৰ চুক, নকটানি, আমগুৰি ঘাট, হাতীখোক, আমগুৰি গাও, মেটেকা বিৰিঙানি চুক, বগীদল ,বেজগাও, সিংহদুৱাৰ ,চেৰেকা পাৰ, হাহচৰা আদিকে ধৰি অদ্ধ শতাধিক গাও সম্পুৰ্ণ প্লাবিত হৈছে ৷আনহাতে কালি সন্ধিয়া ৭ মান বজাৰ পৰা নিশা বাৰ মান বজালৈকে বিপদ সীমাৰ এক মিটাৰ ওপৰত স্থিৰেৰে বয় থকা দিখৌত পুণৰ পানী বৃদ্ধি পাবলৈ ধৰাত অৱশিষ্ঠ বাকী থকা বাস গৃহ সমুহটো পানী সোমাবলৈ ধৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ একে সময়তে দিখৌ নদীৰ দুয়োটা পাৰে প্ৰায় কুৰিটা স্থানত পানী বাগৰিবলৈ ধৰাত নদীৰ দাতি কাষৰীয়া অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷কালি পুঁৱাৰে পৰা জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদবৰ নেতৃত্বত চক্ৰ বিষয়া তথা দণ্ডাধীশ সমজ্জুল বৰাৰ পৰিচালনাত এচ ডি আৰ এফৰ দুটা দল আৰু এন ডি আৰ এফৰ দুটা দলে যুদ্ধকালিন তৎপৰতাৰে জলবন্দী ৰাইজক উদ্ধাৰ কৰিবলৈ সক্ষম ৷দণ্ডাধীশ সমজ্জুল বৰাৰ নেতৃত্বত বান বিধস্থ অঞ্চল সমুহ চিনাক্ত, জৰীপ কৰি কালি নিশাৰে পৰা এই বাতৰি প্ৰেৰণ কৰা লৈকে মুঠ ৬ টা আশ্ৰয় শিবিৰ স্থাপন কৰিবলৈ সক্ষম হয় ৷জিলা প্ৰশাসনৰ এক সুত্ৰই জানিবলৈ দিয়া মতে নগৰৰ ফুকন নগৰ এল পি স্কুল, বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়, শিৱসাগৰ হাইস্কুল, ৩৯৬ নম্বৰ থানামুখ প্ৰাথমিক বিদ্যালয়,বন গাও প্ৰাথমিক বিদ্যালয়, কমাৰ ফদীয়া প্ৰাথমিক বিদ্যালয়ত আক্ৰান্ত সকলক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদাণ কৰাৰ লগতে খাদ্য সামগ্ৰী, অন্যান্য যাৱতীয় সুবিধাৰ লগতে পৰ্য্যাপ্ত চিকিৎসা সেৱা উপলদ্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷শিৱসাগৰ জিলা প্ৰশাসনে আজি নিজাববীয়াকৈ আশ্ৰয় শিবিৰক লঘু আহাৰৰ লগতে শিশুৰ খাদ্য যোগান ধৰা বুলিও জানিব পৰা গৈছে ৷ইয়াৰোপৰি প্ৰশাসনে মুঠ ৪০ খন ক্ষতি গ্ৰস্থ গাও চিনাক্ত কৰিছে যদিও বৃদ্ধি পাব বুলি সন্দেহ কৰিছে ৷অৱশ্যে বন্যাত সকলৰ মাজত বহু সমাজ সচেতন ব্যক্তি তথা স্বেচ্ছাসেৱী অনুস্থানে বিনামূলীয়াকৈ খাদ্য সামগ্ৰী, বিস্কুট আদি যোগান ধৰিছে ৷আনহাতে বাঢ়নী পানীত বাস গৃহ ডুব যোৱা শ শ পৰিয়ালে মঠাউৰি তথা ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে যদিও প্ৰশাসনৰ তৰফৰ পৰা টিৰপাল, খাদ্য সামগ্ৰী যোগান নধৰাৰো অভিযোগ উঠিছে ৷যাৰ বাবে ভোকে লঘোনে মহ ডাহৰ কামোৰণীত উজাগৰি নিশা পাৰ কৰিছে ৷ইফালে প্ৰশাসনৰ এক সুত্ৰই জনোৱা মতে এচ ডি আৰ এফ আৰু এন ডি আৰ এফে ভাটী বন গাও অঞ্চলত অভিযান চলাই ১৭১ গৰাকী পুৰূষ,১৯৩ গৰাকী মহিলা, ১০৪ টা শিশু আৰু সাতটা নৱজাতকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷শেহতীয়াকৈ দিখৌৰ প্ৰলয়ংকাৰী বানত কূশল ৰাভা ( ৪৫) নামৰ এজন ব্যক্তি চেৰেকাপাৰ অঞ্চলত আজি পুৱা দিখৌৰ বাঢনী পানীত উটি যায় ৷পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ নাতি দূৰৈত ৰাভাৰ মৃত্ত দেহ উদ্ধাৰ হয় ৷বাতৰি লিখাৰ পৰলৈকে অপৰিৱৰ্তিত দিখৌৰ প্ৰলয়ংকাৰী বানক সৰ্বস্ৰান্ত হোৱা পৰিয়াল সমুহৰ কাষত বিধায়ক অখিল গগৈ উপস্থিত হয় পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদাণ কৰে ৷বাতৰি লিখাৰ পৰলৈকে বিপদ সীমাৰ ওপৰেৰে দিখৌ নদী বয় থকাৰ লগতে দিচাং আৰু দৰিকা নদীও অনুৰূপ ধৰণে পানী বাঢ়ি থকাৰ বাতৰি আহিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান