নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত পুনৰ বানৰ তাণ্ডৱ

🔹 জলমগ্ন দহখন গাঁও

🔹 বিধায়ক পদ্ম হাজৰিকাই উদ্ধাৰ কৰিলে ৰুগীয়া মহিলাক

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : শোণিতপুৰৰ বালিপৰা অঞ্চলত আজি পুনৰ বানৰ তাণ্ডৱ আৰম্ভ হৈছে । ৰাইজে জনোৱা অনুসৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত তিনি দিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা জৰাসৰ, মানশিৰি, কালনী নৈৰ বাঢ়নী পানীয়ে পুৱা ৬ মান বজাৰ পৰা বুৰাই পেলাই বালিপৰা অঞ্চলৰ ক্ৰমে দীঘলী বালিজান, দীঘলী গাঁও, ঔহলা গাঁও, উদমাৰী গাঁও, বামগাঁও, ঢেকেৰীগাঁও, নাম ঢেকেৰী গাঁও, চাৰিদুৱাৰ, কমাৰীগাঁও, দীঘলী মানশিৰি গাঁৱৰ বিস্তীৰ্ণ অঞ্চল। ৰাইজৰ ঘৰ-দুৱাৰ, খেতিপথাৰ বুৰাই পেলাইছে বানে । দীঘলী বালিজান, দীঘলী গাঁও আদিত একঁকাল পৰ্যন্ত পানীৰ মাজত আবদ্ধ ৰাইজ, পশুধন । আনহাতে, বানত বুৰিছে বালিপৰা বিদ্যুৎ বিভাগৰ কাৰ্যালয়, বালিপৰা পৰিদৰ্শন বঙলা, বালিপৰা প্ৰাথমিক চিকিৎসালয়, কমাৰী গাঁও প্ৰাথমিক বিদ্যালয়, দীঘলী বালিজান প্ৰাথমিক বিদ্যালয়, পঞ্জাব নেচনেল বেংকৰ চৌহদ, উদমাৰী পানী যোগান আঁচনি । জৰাসৰৰ বান বাগৰিছে বালিপৰা-লখিমপুৰ সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি । ঘাইপথটোৰ ওপৰেদি পানীৰ প্ৰবল সোঁতৰ পৰিপ্ৰেক্ষিতত ঘাইপথটোত যাতায়াত ব্যৱস্থা বাতৰি লিখা সময়ত বন্ধ ৰখা হৈছে । যান-বাহনসমূহ মানশিৰি লোক্ৰা চাৰিদুৱাৰ হৈ বালিপৰা চেন্টাৰ সংযোগী বিকল্প পথেদি অহা-যোৱা কৰি আছে । বানপীড়িত ৰাইজে অসহায় হৈ বালিপৰা দীঘলী মানশিৰি দলঙৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় ল’বলগীয়া হৈছে । একেদৰে আজি বালিপৰা অঞ্চলৰ বানপীড়িত ৰাইজৰ মাজত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে চতিয়া সমষ্টিৰ বিধায়ক (সদ্যঘোষিত নদুৱাৰ সমষ্টি ) তথা কেবিনেট মৰ্যাদাপ্ৰাপ্ত বিধায়ক পদ্ম হাজৰিকাই । পদ্ম হাজৰিকাই বালিপৰাৰ বানৰ খবৰ পোৱাৰ লগে লগে প্ৰথমতে দীঘলী মানশিৰিত উপস্থিত হয় । বিধায়ক হাজৰিকাই দলীয় কাৰ্যকৰ্তাৰ সহযোগত দীঘলী মানশিৰিত জৰাসৰ নৈৰ বানৰ মাজত ঘৰত অসহায় অৱস্থাত আবদ্ধ হৈ থকা এগৰাকী বয়োজ্যেষ্ঠ পেৰালাইছিছ ৰোগত আক্ৰান্ত মহিলাক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি আনে । একেদৰে বিধায়ক হাজৰিকাই দীঘলী গাঁৱতো উপস্থিত হৈ ৰাইজৰ অৱস্থাৰ বুজ লয় ।

ৰাইজে বিধায়কগৰাকীক দীঘলীত প্ৰতিবছৰে হোৱা তথা আজিলৈকে সমাধান নোহোৱা জৰাসৰৰ বান সমস্যাৰ বিষয়ে অৱগত কৰি সমস্যা সমাধানৰ বাবে আহ্বান জনায় । ৰাইজে ৰঙাপৰাৰ বিধায়কে দীঘলীৰ বান সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবে ৰঙাপৰাৰ বিধায়কৰ সন্মুখতে বিধায়ক কৃষ্ণ কমল তাঁতীৰ বিৰুদ্ধে ক্ষোভ উজাৰে । চতিয়াৰ বিধায়কগৰাকীয়ে এই সন্দৰ্ভত ৰাইজক কয় যে এইবেলি দীঘলী সদ্যঘোষিত নদুৱাৰ সমষ্টিৰ অন্তৰ্গত হৈছে । অহা অক্টোবৰ মাহত খৰালিৰ সময়ত জলসম্পদ বিভাগ, ৰাইজ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ লগ হৈ সভা অনুষ্ঠিত কৰি সমূহীয়াকৈ বৈজ্ঞানিক ব্যৱস্থাপনাৰে বালিপৰাৰ বান সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণৰ চিন্তা-চৰ্চা কৰা হ’ব । দীঘলীৰ পিছতে বিধায়ক হাজৰিকাই বালিপৰাৰ ঢেকেৰীগাঁও, কমাৰীগাঁও, উদমাৰী গাঁৱৰো বানপীড়িত ৰাইজৰ বান সমস্যাৰ বুজ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে । অনাগত দিনত বালিপৰাৰ বান সমস্যাৰ স্থায়ী সমাধান উলিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে । বাতৰি লিখা সময়লৈকে ন ন অঞ্চল বানত বুৰ গৈ থকাৰ খবৰ লাভ কৰা হৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like