নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মইনবৰীত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰীত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি উছন কৰিলে শ শ লোকৰ ভেটি মাটি । ফলত ভুক্তভোগী ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। কান্দোনত ভাঙি পৰিছে খহনীয়াগ্ৰস্ত নৈপৰীয়া জনগণ। ইতিমধ্যে নৈখনৰ খহনীয়াত শ শ পৰিয়ালৰ ভেটি মাটি, পকী ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি চিৰদিনৰ বাবে নৈৰ বুকুত জাহ যোৱাত সৰ্বসাধাৰণ ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। ভুক্তভোগী লোকসকলে খহনীয়াৰ কবলত পৰি নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ যোৱাত কান্দোনত ভাঙি পৰিছে ভুক্তভোগী লোকে । অনুষ্ঠান-প্ৰতিষ্ঠান খহনীয়াৰ কবলত পৰি নৈৰ বুকুত জাহ যোৱাত ইয়াৰে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে। এইক্ষেত্ৰত খহনীয়াগ্ৰস্ত পৰিয়ালক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে বিজ্ঞানসন্মতভাৱে খহনীয়া প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাক কাতৰ আহ্বান জনাইছে মইনবৰী অঞ্চলৰ সৰ্বস্তৰৰ জনসাধাৰণে।
প্ৰেৰক মফিদুল ইছলাম
You might also like