নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণাইত বন্যহস্তীয়ে ভাঙিলে অংগনৱাড়ী কেন্দ্ৰ 

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : এইবাৰ বন্যহস্তীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অংগনৱাড়ী কেন্দ্ৰ ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী ধাইগাঁৱত নিশা বন্যহস্তীয়ে চলালে সন্ত্ৰাস ৷ নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে জাকৰ পৰা ফালৰি কাটি আহি ধাইগাঁৱত প্ৰৱেশ কৰে আৰু সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ বন্যহস্তীটোৱে ধাইগাঁৱৰ অংগনৱাড়ী কেন্দ্ৰৰ গৃহত আক্ৰমণ চলাই নিমিষতে ভাঙি লণ্ড-ভণ্ড কৰে ৷ আনকি কেন্দ্ৰটোৰ ভিতৰত থকা কণ কণ শিশুসকলৰ পুষ্টিকৰ খাদ্য, চাউল খাই তহিলং কৰে ৷ স্থানীয় ৰাইজে জুই জ্বলাই, ফটকা ফুটাই  ঘটনাস্থলীৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় যদিও অংগনৱাড়ী কেন্দ্ৰটো সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰে ৷ সম্প্ৰতি কণ কণ শিশুসকলে পাঠদান কৰিবলৈ নাই গৃহ, খাবলৈ নাই পুষ্টিকৰ খাদ্য ৷ শীঘ্ৰে অংগনৱাড়ী কেন্দ্ৰৰ গৃহটি মেৰামতি কৰি কণ কণ শিশুসকলক পাঠদান অব্যাহত ৰাখিবলৈ চৰকাৰক দাবী জনায় স্থানীয় ৰাইজে ৷

 

প্ৰেৰক বেনজিন বড়ো

You might also like