নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছ’ত চোৰাং কাঠ জব্দ বন বিভাগৰ

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত আজি পুৱতি নিশা বন বিভাগৰ অভিযানত চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি, বন বিভাগৰ দলটোৱে বিশেষ সূত্ৰে এক খবৰ লাভ কৰি চোৰাং কাঠৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল ৷ অৱশেষত আজি পুৱতি নিশা চোৰাং কাঠ সৰবৰাহকাৰী বাহনখনে কাঠ লৈ পলাবলৈ খোজোঁতেই বিকল হৈ পৰে ৷ তাৰ পিছতেই চোৰাং কাঠভৰ্তি বাহনখনে কাঠখিনি পথৰ কাষৰ নিৰাপদ স্থানত পেলাই দি নিৰ্দোষী প্ৰমাণৰ বাবে চেষ্টা অব্যাহত ৰাখে ৷ পিছলৈ চোৰাং কাঠভৰ্তি বাহনখন ভাল হৈ পৰাত সৰবৰাহকাৰী দলটোৱে চোৰাং কাঠখিনি উক্ত স্থানতেই এৰি থৈ পলায়ন কৰে ৷ তাৰ পিছতেই বন বিভাগে চোৰাং কাঠখিনি উদ্ধাৰ কৰি বৈঠালাংছ’ খণ্ড বন বিষয়া কাৰ্যালয়লৈ লৈ আনে ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য আনুমানিক ৩৫-৪০ হাজাৰ হ’ব পাৰে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পায় ৷ উল্লেখযোগ্য যে নগাঁও জিলাৰ শিঙিমাৰীৰ বছিৰ নামৰ এগৰাকী চোৰাং কাঠ সৰবৰাহকাৰীয়ে এই কাঠখিনি সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ তদুপৰি, বহুদিন ধৰি বন বিভাগৰ চকুত ধূলি দি বছিৰে সঘনাই কাঠ চুৰ কৰি নি থকাৰ পিছতো আজিলৈকে বন বিভাগ বা সংশ্লিষ্ট বিভাগে আটক কৰিব নোৱাৰাটোহে লক্ষণীয় বিষয় হৈ পৰিছে বুলি স্থানীয় সচেতন ৰাইজে মত প্ৰকাশ কৰিছে ৷
প্ৰেৰক টুটু নিগম
You might also like