নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত বিদ্যালয়ৰ সচিবৰ বিৰুদ্ধে এজাহাৰ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰ : শৈক্ষিক সমাজৰ কলংকস্বৰূপ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ স্বত্বাধিকাৰী তথা সচিবৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে হাজো সুৰক্ষা মঞ্চ নামৰ এটি সামাজিক সংগঠন। সুৰক্ষা মঞ্চই উত্থাপন কৰা অভিযোগ অনুসৰি, হাজোৰ বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ সচিব তথা স্বত্বাধিকাৰী জনৈক ৰহিমে নিজ শিক্ষানুষ্ঠানখনৰে এগৰাকী ছাত্ৰীক প্ৰেমৰ ছলনাৰে হোৱাটছএপ-মেছেঞ্জাৰৰ জৰিয়তে বিভিন্ন অশ্লীল বাৰ্তা প্ৰেৰণ কৰি একপ্ৰকাৰ মানসিক নিৰ্যাতন চলাই আহিছে। আনকি ইয়াৰ পূৰ্বেও এইগৰাকী চৰিত্ৰহীন সচিবে অন্য এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই আদালতৰ ৰায় অনুসৰি কাৰাবন্দী হৈ আহিছে বুলিও অভিযোগত প্ৰকাশ। নিজ শিক্ষানুষ্ঠানৰে ছাত্ৰীক এনেদৰে মানসিকভাৱে নিৰ্যাতন চলোৱা চৰিত্ৰহীন সচিব তথা স্বত্বাধিকাৰী জনৈক ৰহিমৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত হাজো সুৰক্ষা মঞ্চৰ সম্পাদক সঞ্জীৱ কুমাৰ ভৰালী স্বাক্ষৰিত এখন এজাহাৰ ৰামদিয়া আৰক্ষী চকীৰ বিষয়াগৰাকীক প্ৰদান কৰে। এতিয়া আৰক্ষীয়ে জনৈক ৰহিমৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
প্ৰেৰক শ্বাহজাহান ইছলাম
You might also like