নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণাইত বন মাফিয়াৰ নৃশংসতাৰ বলি ৰাজবীৰ হত্যাকাণ্ডৰে জড়িত ৯জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩১ মে’ : কৃষ্ণাইৰ শালপাৰা-দাৰাপাৰাত বন মাফিয়া আৰু একাংশ ৰাইজে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাওঁতে বনকৰ্মীৰ দলক চোকা অস্ত্ৰ, লাঠীৰে আক্ৰমণ কৰি এজন বনকৰ্মীক হত্যা কৰাৰ লগতে তিনিজন কৈ বনকৰ্মীক আহত কৰা ঘটনাৰ সৈতে জড়িত ৯জনকৈ লোক আৰক্ষীৰ জালত পৰিছে৷ নিশা দুধনৈৰ আৰক্ষীয়ে দাৰাপাৰা গাঁৱত অভিযান চলাই চাৰি জনক আটক কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে আজি পাচঁজনকৈ লোক দুধনৈ থানাত আত্ম সমৰ্পণ কৰে। আটাইকে আজি দুধনৈ থানাত জেৰা চলাই থকা হৈছে। গ্ৰেপ্তাৰ হোৱা আটাই কেইজন লোক দাৰাপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ সৈতে জড়িত আৰু কেবাজনো লোক গাঁৱৰ পৰা পলায়ন কৰি থকা জানিব পৰা গৈছে। গ্ৰেপ্তাৰ হোৱা লোক সকল ক্ৰমে ভদ্ৰেশ্বৰ ৰাভা (সংৰক্ষিত বনাঞ্চলৰ গছ বিক্ৰেতা, শিক্ষক), মহেন ৰাভা, দুলাল ৰাভা (বন মাফিয়াই ব্যৱহাৰ কৰা ট্ৰেক্টৰৰ মালিক), সুৰোজ ৰাভা, প্ৰহল্লাদ ৰাভা (চোৰাং কাঠ ব্যৱসায়ী), প্ৰফুল্ল ৰাভা, ৰজনী ৰাভা আৰু আনন্দ ৰাভা (ট্ৰেক্টৰৰ চালক) আৰু এজনৰ নাম পোৱা হোৱা নাই ৷

প্ৰেৰক বেনজিন বড়ো

You might also like