নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰণ্য সুৰক্ষা সমিতিৰ বিলাসীপাৰাত গছ বিহু পালন

🔹 সেউজ পত্রিকা উন্মোচন

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : বিলাসীপাৰাৰ ভৈৰৱগঞ্জ নামঘৰত আজি অৰণ্য সুৰক্ষা সমিতি, অসমৰ উদ্যোগত গছ বিহু পালন কৰা হয়। এই উপলক্ষে গছলৈ বিহুৱান দিয়া কাৰ্য্যসূচী মুকলি কৰে বিশিষ্ট শিক্ষাবিদ হৃদয়ানন্দ দাসে। আনহাতে, বৃক্ষৰোপণ কাৰ্য্যসূচী উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱ ৰঞ্জন চক্ৰৱৰ্তীয়ে। সমিতিয়ে প্ৰকাশ কৰা গছ বিহুবিশেষ সেউজ পত্রিকা উন্মোচন কৰে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত নম্ৰতা বৰুৱাই। বিহু উপলক্ষে আয়তীসকলে নাম-কীৰ্তন আৰু বিহুগীত পৰিৱেশন কৰে। অৰণ্য সুৰক্ষা সমিতি, অসমৰ সচিবপ্ৰধান ড০ হৰিচৰণ দাসে গছ বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে বিহুৰ মাজত যি প্ৰকৃতিপ্ৰেম আৰু পৰিৱেশ সচেতনতা লুকাই আছে, তাৰ আধাৰতে অৰণ্য সুৰক্ষা সমিতি, অসমে অসমৰ বিভিন্ন প্ৰান্তত গছ বিহু উদযাপন কৰি আহিছে। বিহু উপলক্ষে আয়তীসকলে পিঠা-পনা, মাহ-প্ৰসাদ আদি বিতৰণ কৰে। অনুষ্ঠানত ভৈৰৱগঞ্জ নামঘৰৰ নামঘৰীয়া নিৰঞ্জন শৰ্মা, বিশিষ্ট সাংবাদিক অবিনাশ শীল, শিক্ষক তথা সমাজকৰ্মী বিদ্যুৎ গোস্বামী, মানস ৰঞ্জন কাশ্যপ, অৰূপ ভূঞা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like