নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী

শুকুৰবাৰে পুৱাৰ ভাগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত এটা নিয়মীয়া টহলদাৰী দলক এটা গঁড়ে আক্ৰমণ কৰে ৷ এই আক্ৰমণত এজন বনকৰ্মী গুৰুতৰভাৱে আহত হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ আৰিকাটি বন শিবিৰৰ টহলদাৰী দলৰ দ্বীপেন বৰা নামৰ গৃহৰক্ষী জোৱানজন গঁঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷ আহত বনকৰ্মীজনক বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰা হয়।

নিয়মীয়া বাৰ্তা, বোকাখাত, ২০ মাৰ্চ :
You might also like