নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ সহস্ৰাধিক দলীয় সমৰ্থকসহ ৰহাৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ মনোনয়ন দাখিল

“ড° হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ’ব। অসমে পুনৰ এখন শক্তিশালী চৰকাৰ লাভ কৰিব”।- এই মন্তব্য প্ৰদান কৰিছে ৰহাৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে। আজি পুৱা মনোনয়ন পত্ৰ দাখিলৰ পাছত সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰদান কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয় যে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হ’ব তাত কোনো দ্বিধা নাই। ইয়াৰ লগতে অসমত বিজেপি মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত বুলি মন্তব্য কৰে।

আজি পুৱাৰে পৰা প্ৰাৰ্থী শশীকান্ত দাসৰ ডিমৌৰ বাসগৃহত উপস্থিত হয় সমষ্টিৰ হাজাৰ হাজাৰ দলীয় কৰ্মী। গায়ন-বায়নৰ পৰা আৰম্ভ কৰি বেণ্ডপাৰ্টীসহ দলীয় কৰ্মীসকলে নাচি-বাগি নগাঁও অভিমুখে যাত্ৰা কৰে শশীকান্ত দাসে। পাঁচ সহস্ৰাধিক দলীয় সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল কৰি প্ৰাৰ্থী শশীকান্ত দাসে নিশ্চিতভাৱে জয়লাভ কৰিব বুলি মন্তব্য কৰে। তদুপৰি নিজা ৰহা সমষ্টিত বিজেপি দলে প্ৰায় ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলিও মন্তব্য কৰি সমষ্টিত কংগ্ৰেছৰ স্থিতি অতি দুৰ্বল আৰু বিজেপিৰ সৈতে এআইইউডিএফ দলৰহে মুল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি উল্লেখ কৰে।

উল্লেখ্য যে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৬১নং ৰহা বিধানসভা সমষ্টিত বিজেপি দলৰ বিপৰীতে কংগ্ৰেছ দলে যুৱ নেতা উৎপল বণিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ লগতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা মুকুট দাসে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব নাপাই এআইইউডিএফ দলত যোগদান কৰি দলীয় টিকটো লাভ কৰিছে। সমষ্টিত কংগ্ৰেছ দলৰ বিশেষ প্ৰভাৱ থকা প্ৰাক্তন কংগ্ৰেছী মুকুট দাসৰ এআইইউডিএফ গমনে কংগ্ৰেছী মহলক চিন্তিত কৰি তুলিছে। আনহাতে, এআইইউডিএফৰ প্ৰাৰ্থিত্ব প্ৰদানে বিজেপি দলক একপ্ৰকাৰ সহায় কৰিব বুলি সচেতন মহলে প্ৰকাশ কৰিছে।

নিয়মীয়া বাৰ্তা, ৰহা, ২০ মাৰ্চ :

You might also like