নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ : কাতি বিহুৰ দিনা মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত টিলাপাৰা প্ৰাথমিক বিদ্যালয়ত আজি বিদ্যালয় পৰিচালনা সমিতি গঠনৰ বাবে এখনি সাধাৰণ সভা অনুষ্ঠিত হৈছিল। সভাত পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। সভাপতিকেন্দ্ৰিক সংঘাতৰ বাবে দুই ফৈদৰ মাজত মাৰপিট লাগে। এই প্ৰচণ্ড মাৰপিটত উভয় পক্ষৰ কেইবাজনো লোক আহত হয়। আহত লোককেইজনক ততাতৈয়াকৈ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।অৱশেষত সাধাৰণ সভা ভংগ কৰে। উল্লেখ্য যে লাহৰীঘাটৰ বিভিন্ন বিদ্যালয়ত পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
প্ৰেৰক আবুল কালাম