নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ দেহাৱসান

বিশেষ বাৰ্তা ৩ মে’ : অসম চৰকাৰৰ প্ৰাক্তন পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী ছুম ৰংহাঙৰ দেহাৱসান। সুদীৰ্ঘ দিন ধৰি অসুস্থ হৈ আছিল ৰংহাং। শুকুৰবাৰে বিয়লি গুৱাহাটীৰ হেল্থ চিটি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৰংহাঙে। তিনি পাৰ্বত্য জিলাৰ এগৰাকী প্ৰভাৱশালী নেতা আছিল প্ৰয়াত ৰংহাং। লাংফেৰ পৰিষদীয় সমষ্টিৰ পৰা আৰম্ভ কৰিছিল ৰাজনৈতিক জীৱন। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, মুখ্য কাৰ্যবাহী সদস্য পদ অলংকৃত কৰিছিল প্ৰয়াত ৰংহাঙে। ৰংহাং কাৰ্বি আংলং জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিল। ২০১৬ বৰ্ষত অসম বিধান সভা নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা জয়ী হৈ মন্ত্ৰিত্ব লাভ কৰিছিল। ৰংহাঙে সমাজ সেৱাৰ বাবে ড০ বি আৰ আম্বেদকাৰ বঁটা লাভ কৰিছিল। ৰংহাঙৰ বিয়োগত শোকৰ ছাঁ পৰিছে তিনি পাৰ্বত্য জিলাত। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত পত্নী, জী-জোঁৱাই, পুত্ৰ-বোৱাৰী, নাতি-নাতিনীসহ অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি যায়।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like