দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আজি ১০১ সংখ্যক জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি ধুবুৰীৰ ৬নং ৱাৰ্ডত তেওঁৰ এটা পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। প্ৰতিমূৰ্তিটোৰ আনুষ্ঠানিক উন্মোচনৰ পিছত আজিৰ সুশাসন দিৱসৰ সৈতে সংগতি ৰাখি ধুবুৰীৰ ঐতিহ্যমণ্ডিত হৰিসভাৰ প্ৰসংগত আয়োজিত অটল স্মৃতিবৰ্ষ অনুষ্ঠানত অংশ লয় তেওঁ।
উল্লেখ্য যে মন্ত্ৰী দাসে আজি ধুবুৰীত কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰে। চহৰখনৰ পাঁচমোৰত ধুবুৰী পৌৰসভাৰ উদ্যোগত পুনঃনিৰ্মাণ হোৱা নেতাজী পাৰ্কৰ মুকলিৰ লগতে নেতাজী স্তম্ভৰ শিলান্যাস কৰে তেওঁ। মন্ত্ৰীগৰাকীয়ে ১নং ৱাৰ্ডৰ ক্লক টাৱাৰৰ সমীপত অসমত প্ৰথমবাৰৰ বাবে হোৱা ‘কেনভাছ’ শীৰ্ষক এখন দেৱাল আলোচনীৰ শুভ উন্মোচন কৰাৰ পিছত ধুবুৰী চহৰৰ যোগমায়া আশ্ৰমৰ সমীপৰ ‘আচাৰ্য তুলসী মাৰ্গ’ নামৰ নৱনির্মিত পথ এটাৰ শুভ উদ্বোধন কৰে তেওঁ।
আজিৰ এই উদ্বোধনী অনুষ্ঠান কাৰ্যসূচীবোৰত ধুবুৰী পৌৰসভাৰ পৌৰপতি ড° দেৱময় সান্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, জিলা বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰসেনজিৎ দত্ত, গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে বিজেপিৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ ডিচেম্বৰ :