নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমাৰ সঞ্জীত কৃষ্ণই ৪০ লাখ টকা জমা থোৱা ৰহস্যময়ী নাৰীৰ সন্ধান উলিয়াবলৈ বিশেষ গোট গঠন

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ চাঞ্চল্যকৰ এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণই ৪০ লাখ টকা জমা থোৱা ৰহস্যময়ী নাৰীৰ সন্ধান উলিয়াবলৈ গঠন কৰা হৈছে এটা বিশেষ গোট৷

জানিব পৰা মতে চিআইডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পর্যায়ৰ নেতৃত্বত গঠন কৰা হৈছে বিশেষ গোটটো৷ উল্লেখ্য যে এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত যোগান ধৰাৰ বাবদ দালাল ৰুবুল হাজৰিকাৰ পৰা ৪০ লাখ টকা লৈছিল কুমাৰ সঞ্জীত কৃষ্ণই৷ যোৱা ১৫ অক্টোবৰত সঞ্জীত কৃষ্ণই চিআইডিৰ ওচৰত আত্মসমর্পণ কৰাৰ আগ দিনা এগৰাকী ৰহস্যময়ী নাৰীক লগ ধৰি ৪০ লাখ টকা জমা দিছিল৷ আৰক্ষী অধীক্ষকজনৰ পৰা ধন লৈ মহিলাগৰাকীয়ে তীব্র গতিত গাড়ী চলাই গুচি গৈছিল৷ চমুকৈ এছ এছ নামেৰে পৰিচিত মহিলাগৰাকীয়ে উক্ত ধন ক’ত লুকুৱাই ৰাখিছে তাৰ সন্ধান উলিয়াবলৈ চি আই ডিয়ে আজি বিশেষ গোটটো গঠন কৰে৷

You might also like