নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ শুক্লাই-নালা-কালন্দী-বৰলা নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে’ : ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ শুক্লাই অঞ্চলত যোৱা কেইবছৰ ধৰি খহনীয়াই ভয়াৱহ ৰূপ লৈছে। জনপ্ৰতিনিধি খহনীয়াগ্ৰস্ত অঞ্চল চাবলৈ আহে কিন্তু আজিলৈ একো কাম নকৰিলে। কিন্তু পানেৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এতিয়া উন্নয়নে চমক দিছে অঞ্চল। পানেৰী সমষ্টিত বহুত জনপ্ৰতিনিধি আহিল গ’ল কাম নহ’ল। কিন্তু বিশ্বজিত দৈমাৰীয়ে অতি তৎপৰতাৰে বহুতো কাম কৰিবলৈ সক্ষম হৈছে। আজি পানেৰি সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ তৎপৰতাত মন্ত্ৰী পীযুষ হাজৰীকা শুক্লাইত উপস্থিত হৈ আটাৰীখাট জংগলবস্তী, বগৰীডাঙা, শুক্লাই আমডাৰা খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে অতি সোনকালে বিশেষ পুঁজিৰে শুক্লাইৰ খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে ওদালগুৰি জিলাৰ নালা নৈ পৰিদৰ্শন কৰি নৈখনত জলসম্পদ বিভাগে গ্ৰহণ কৰা বান আৰু খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। লগতে চুবুৰীয়া দেশ ভূটানৰ পৰা নামি অহা নৈৰ পানীয়ে ওদালগুৰি জিলাৰ এক বৃহৎ অঞ্চলক ক্ষতিগ্ৰস্ত কৰি আহিছে। এই পানীৰ পৰা হোৱা ক্ষয়-ক্ষতি ৰোধ কৰিবলৈ জলসম্পদ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি জিলাখনৰ চেগুনবাৰী অঞ্চলত উপস্থিত হৈ কালন্দী নৈৰ বাঁওকাষে চলি থকা চেনেল কাটিং পৰ্যবেক্ষণৰ লগতে কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ এই স্থানৰ বান সমস্যা সমাধানৰ বাবে বিভাগীয় বিষয়া-অভিযন্তা আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। আনহাতে ওদালগুৰি জিলাৰ টংলা অঞ্চলত আজি উপস্থিত হৈ বান পৰিস্থিতি, খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে কুলশী নৈৰ পাৰত কৰা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় মন্ত্ৰী হাজৰীকাই। অঞ্চলটোৰ ৰাইজৰ সুৰক্ষা নিশ্চিত কৰি যাৱতীয় সকলো পদক্ষেপ তৎপৰতাৰে গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। লগতে ওদালগুৰি জিলাৰ চৈবাৰী অঞ্চলত বৰলা নৈয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰোঁ। বৰ্তমান জলসম্পদ বিভাগে এই স্থানত অস্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে। জলসম্পদ বিভাগক এই স্থানত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like