নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থানবান বিৰোধী ঐক্য : অসমত আপৰ প্ৰাৰ্থী ঘোষণা দিল্লীত

ডিব্ৰুগড়ত মনোজ ধানোৱাৰ
গুৱাহাটীত ভবেন চৌধুৰী
শোণিতপুৰত ঋষিৰাজ কৌণ্ডিন্য

বিশেষ বাৰ্তা, নতুন দিল্লী, ৮ ফেব্ৰুৱাৰীঃ অসমত বিৰোধী ঐক্য থানবান কৰি আম আদমী পাৰ্টিয়ে (আপ) আজি ৰাজ্যৰ তিনিটা সমষ্টিত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সাংগঠনিক দায়িত্বত থকা আপৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকে ঘোষণা কৰা মতে, ডিব্ৰুগড়, গুৱাহাটী আৰু শোণিতপুৰ সমষ্টিত আপে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াব। ডিব্ৰুগড়ত মনোজ ধানোৱাৰ, গুৱাহাটীত ভবেন চৌধুৰী আৰু শোণিতপুৰত ঋষিৰাজ কৌণ্ডিন্যই প্ৰতিদ্বন্দ্বীতা কৰিব। পাঠকৰ মতে, ইণ্ডিয়া জোঁটৰ অন্যতম সদস্য হিচাপেই আপে অসমৰ ১৪টা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইক্ষেত্ৰত কংগ্ৰেছ তথা জোটৰ আন দলসমূহেও আপৰ প্ৰাৰ্থীসকলক সমৰ্থন আগবঢ়াব বুলি তেওঁ আশা ব্যক্ত কৰে। পাঠকে কয় যে আসন বুজাবুজিকলৈ ইণ্ডিয়া জোটৰ সৈতে কথা পাতি পাতি আমি ক্লান্ত হৈ পৰিছো। কিমান দিন আৰু আমি কথা পাতি থাকিম। লোকসভা নিৰ্বাচনৰ বাবে আৰু বেছি সময় নাই। সেয়েহে আমি নিজাববীয়াকৈ আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ বাধ্য হৈছো। আশা কৰিছো ইণ্ডিয়া জোটে অসমত আমাৰ বাবে এই তিনিটা সমষ্টি এৰি দিব। আনহাতে অসমত আপৰ দায়িত্বত থকা মহেশ শৰ্মাই সাংবাদিকৰ আগত কয় যে আলোচনাৰ নামত আমি বহুত সময় নষ্ট কৰিছো। অসমত ১৪টা লোকসভা সমষ্টি আছে। আপে তাৰ ভিতৰত তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বীতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাকী ১১টা সমষ্টিত কংগ্ৰেছ আৰু বাকী সকলে প্ৰতিদ্বন্দ্বিতা কৰক। উল্লেখ্য যে অসমত কংগ্ৰেছেও ১৪টা সমষ্টিৰ বাবেই প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ কুচকাৱাজ চলাই আছে। কাইলৈ প্ৰাৰ্থী তালিকাক লৈ নতুন দিল্লীত দলৰ হাইকমাণ্ডৰ সৈতে প্ৰদেশ কংগ্ৰেছ নেতৃত্বই চূড়ান্ত আলোচনা কৰাৰ কথা। তদুপৰি দু-এখন আসন মিত্ৰ দলক এৰি দিয়াৰ বিষয়টোও কাইলৈৰ বৈঠকত চূড়ান্ত ৰূপ লব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ইয়াৰ মাজতেই ‘ইণ্ডিয়া টুডে’ গোটে আজি ‘মুড অফ দ্যা নেছন’ শীৰ্ষক এখন সমীক্ষাৰ ফলাফল প্ৰকাশ কৰিছে। যোৱা বছৰ ১৫ ডিচেম্বৰৰ পৰা চলিত বছৰৰ ২৮ ফেব্ৰুৱাৰীৰ মাজত সম্পন্ন কৰা এই সমীক্ষা অনুসৰি অসমত ১৪টা সমষ্টিৰ ভিতৰত বিজেপি-অগপ জোটে ১২টা সমষ্টিত জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ তথা ইণ্ডিয়া জোটে দুখন আসন লাভ কৰিবলৈ সক্ষম হব।

প্ৰেৰক কল্লোল ভৌমিক

You might also like