কাছাৰ জিলাৰ কাটিগড়া থানাৰ চাপ্লাইগেট এলেকাত পুনৰ ৪গৰাকী ৰোহিংগীয়া নাগৰিক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে দুজন পুৰুষ আৰু দুগৰাকী মহিলা।
প্ৰাথমিক তদন্তত বাংলাদেশৰ পৰা কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ সৈতে ৰাষ্ট্ৰসংঘই জাৰি কৰা শৰণাৰ্থী কাৰ্ড পোৱা হৈছে। মন কৰিবলগীয়া যে এই শৰণাৰ্থী কাৰ্ড কেৱল বাংলাদেশৰ ৰোহিংগীয়া শৰণাৰ্থী শিবিৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য, ভাৰতৰ ভিতৰত ইয়াৰ কোনো বৈধতা নাই।
সূত্ৰ অনুসৰি, মঙলবাৰে নিশা তেওঁলোকে জালালপুৰৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি কাটিগড়াৰ চাপ্লাইগেট অঞ্চলৰ আছিক হোটেলত থাকি স্থানীয় দালালৰ বাবে অপেক্ষা কৰি আছিল। তেওঁলোকৰ আচৰণ আৰু গতিবিধি সন্দেহজনক হোৱা বাবে স্থানীয় ৰাইজে সনাতনী সংঘৰ বিষয়াসকলক অৱগত কৰে।
তথ্য লাভ কৰাৰ লগে লগে সনাতনী সংঘৰ সভাপতি সুমিত বৈষ্ণৱ, ধৰ্মেন্দ্ৰ কানুকে ধৰি অন্যান্য সদস্যসকলে ক্ষিপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। একে সময়তে গুমৰা আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়। পিছত আৰক্ষীয়ে চাৰিওজন ৰোহিংগীয়া নাগৰিকক গ্ৰেপ্তাৰ কৰি প্ৰয়োজনীয় জেৰাৰ বাবে শিলচৰলৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীয়ে বিষয়টোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
নিয়মীয়া বাৰ্তা, শিলচৰ, ৯ জানুৱাৰী :