নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্ৰাচ্যত যুদ্ধ ! মাজনিশাৰ পৰা বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য

ডিজিটেল ডেস্ক, ৭ মাৰ্চ : দেশজুৰি পুনৰ বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য। মধ্যপ্ৰাচ্যত অব্যাহত থকা উত্তেজনাৰ মাজতে সাধাৰণ লোকৰ মূৰত মাধমাৰ শোধাই বৃদ্ধি পালে ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। নতুন সিদ্ধান্ত অনুসৰি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৫ টকা বৃদ্ধি কৰা হৈছে।

এই সিদ্ধান্তৰ পিছত ঘোষণা কৰা নতুন মূল্য মাজনিশাৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে এই মূল্যবৃদ্ধিয়ে জনতাৰ মূৰত স্বাভাৱিকতে মাধমাৰ শোধাব। পুনৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকাৰ লগতে ১৯ কেজি ওজনৰ এটা বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ১১৫ টকাকৈ বৃদ্ধি কৰাৰ ফলত সাধাৰণ গ্ৰাহকসকলৰ ওপৰত পুনৰ আৰ্থিক বোজা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে মাজনিশাৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নতুন নিৰিখ।

এতিয়া ১৪.২ কেজি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰতিটো চিলিণ্ডাৰৰ দাম হ’লগৈ ৯৬২ আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ২০৫১ টকা। এই মূল্যবৃদ্ধিৰ ফলত বিশেষকৈ মধ্যবিত্ত পৰিয়াল আৰু ব্যৱসায়িক ক্ষেত্ৰত অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হৈছে। ভাৰতৰ শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতাক লৈ শেহতীয়াকৈ আৰম্ভ হোৱা বিতৰ্কৰ মাজতে এই বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে।

You might also like