নিয়মীয়া বার্তা, ৩ জুনঃ এচাম উদণ্ড যুৱকৰ বাবে বিগত কিছুদিন ধৰি অতিষ্ঠ হৈ পৰিছিল নাৰায়ণপুৰৰ এটা বৃহৎ অঞ্চলৰ ৰাইজ৷ দামী দামী বাইক লৈ নিতৌ বিদ্যালয়লৈ যোৱা ছাত্রীৰ মাজত সন্ত্রাস চলাই আহিছিল কেইজনমান যুৱকে৷ অৱশেষত ৰাইজ একগোট হৈ হাতে–লোটে ধৰি চমজাই দিলে নাৰায়ণপুৰ আৰক্ষীক৷ দুপৰীয়া প্রখৰ ৰ’দত বিদ্যালয় চৌহদৰ বনগুটি গুচাবলৈ দি অভিনৱ শাস্তি বিহে ৰাইজে৷ ঘটনাৰ বিৱৰণী অনুসৰি নাৰায়ণপুৰ থানাৰ অন্তর্গত গোসাঁইবাৰীত অচিনাক্ত চাৰিজন যুৱকে বিদ্যালয়লৈ অহা ছাত্রীক ৰাস্তাত কৰিছিল অশালীন ব্যৱহাৰ৷ গোসাঁইবাৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ অহা ছাত্রীসকলক মাজৰাস্তাত আগচি ধৰি অশ্লীল শব্দ প্রয়োগ কৰি বেয়া ব্যৱহাৰ কৰাৰ লগতে কাগজৰ টুকুৰাত ম’বাইলৰ নম্বৰ লিখি দলিয়াইছিল ছাত্রীকেইগৰাকীলৈ৷ তদুপৰি বিদ্যালয়খনৰ সন্মুখেৰে তীব্র বেগত বাইক চলোৱাৰো অভিযোগ উঠিছে চাৰি যুৱকৰ বিৰুদ্ধে৷ সমগ্র ঘটনাটো কেইবাদিনৰো পৰা প্রত্যক্ষ কৰি আছিল স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীস৷ শেষত সকলোৱে একগোট হৈ উদণ্ড যুৱককেইজনে পূর্বৰ দৰে ছাত্রীকেইগৰাকীক দুর্ব্যৱহাৰ কৰিবলৈ লওঁতেই হাতে–লোটে ধৰে৷ ইয়াৰ পিছতে ৰাজহুৱা শাস্তি হিচাপে প্রখৰ ৰ’দত বিদ্যালয়ৰ চৌহদ চাফাই কৰা কামত লগালে ৰাইজে৷ হবিবুৰ আলী, ছাদ্দাম আলী, হজৰত আলী আৰু আচাদুল ইছলামক পিছত ৰাইজে নাৰায়ণপুৰ আৰক্ষীক চমজাই দিয়ে৷ আটকাধীন যুৱককেইজনৰ ঘৰ বিহপুৰীয়াৰ কাচিকটা বাগানত বুলি জানিব পৰা গৈছে৷ যুৱককেইজনৰ লগতে এএছ ০৭–ডব্রিউ ০৪৭০, এএছ ০৭–ইউ ৯১৪২ আৰু এএছ০৭–ডব্লিউ ০৯০২ নম্বৰৰ তিনিখনকৈ বাইকো জব্দ কৰিছে নাৰায়ণপুৰ আৰক্ষীয়ে৷
প্ৰেৰক জগত গগৈ