নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাতল বায়ুৰ পৰাই উৎপাদন কৰিব পৰিচ্ছন্ন বিদ্যুৎ

🔹 বিদ্যুৎ উৎপাদনৰ অত্যাধুনিক পদ্ধতি
🔹 জার্নেল এডভাঞ্চড মেটেৰিয়েলত গৱেষণাৰ তথ্য

নিয়মীয়া বাৰ্তা, ৩ জুনঃ জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে বিদ্যুৎ উৎপাদনৰ উৎসৰ সন্ধান বিজ্ঞানীসকলে কৰি আছে৷ জলবায়ু পৰিৱর্তনে বিদ্যুতৰ উৎসৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ সমান্তৰালকৈ পৰিচ্ছন্ন বিদ্যুতৰ ক্ষেত্রত আঘাতো হানিছে৷ বায়ুৰ আর্দ্রতাৰ পৰা বিজ্ঞানীৰ দলে বিদ্যুৎ উৎপাদনৰ পথ এটা লাভ কৰিছিল যদিও এই বিদ্যুৎ পৰিচ্ছন্ন নহয়৷ শেহতীয়াভাৱে বিজ্ঞানীৰ দল এটাই পাতল বায়ুৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে৷ ই বিশ্বৰ পৰিচ্ছন্ন বিদ্যুৎ উৎপাদনৰ ক্ষেত্রখনক নতুন গতি দিব৷ সম্প্রতি বিশ্বত পৰিচ্ছন্ন বিদ্যুতৰ চাহিদা দ্রুতগতিত বৃদ্ধি পাই আছে যদিও চাহিদা অনুপাতে বিদ্যুৎ উৎপাদন কৰিব পৰা নাই৷ এনে পৰিপ্রেক্ষিতত পাতল বায়ুৰ পৰা পৰিচ্ছন্ন বিদ্যুৎ উৎপাদন কৰিব পৰাটো একধৰণৰ আশাব্যঞ্জক বতৰা৷ আম হার্ছক’ৰ ইউমাছৰ কলেজ অৱ ইঞ্জিনীয়াৰিঙৰ বৈদ্যুতিক আৰু কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ সহকাৰী অধ্যাপক জুন য়াঙৰ নেতৃত্বত বিজ্ঞানীৰ দল এটাই ‘জেনেৰিক এয়াৰ–জেন প্রভাৱ’ৰ দ্বাৰা পাতল বায়ুৰ পৰা পৰিচ্ছন্ন বিদ্যুৎ উৎপাদনত সফল হৈছে৷ এই গৱেষণাৰ প্রতিবেদন জার্নেল এডভাঞ্চড মেটেৰিয়েলত প্রকাশ পাইছে৷ বিজ্ঞানীৰ দলে পাতল বায়ুৰ পৰা পৰিচ্ছন্ন বিদ্যুৎ উৎপাদন কৰিব পৰা পদ্ধতিটোৱে অনাগত দিনত বিদ্যুৎ ক্ষেত্রখনত যুগান্তকাৰী হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে৷ অৱশ্যে প্রাৰম্ভিক পর্যায়ত থকা এই পদ্ধতিটো আৰু অধিক উন্নীত কৰিব লাগিব বুলি গৱেষণাৰ প্রতিবেদনত প্রকাশ পাইছে৷

You might also like