নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ছমৰীয়াপামত গাঞ্জাসহ আটক চোৰাং ব্যৱসায়ী ছাহেদ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ মুৰৰ কামৰণি সৃষ্টি কৰা অবৈধ সামগ্ৰী ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে কামৰূপ জিলাৰ সোণতলী অঞ্চল। এই অঞ্চলসমূহত সঘনাই সংঘটিত হয় ভাং; গাঞ্জা; আফিং; ড্ৰাগছ; হেৰোইনৰ দৰে মাৰাত্মক দ্ৰব্যৰ বেহা। আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা যিমানে বাধাৰ সৃষ্টি নকৰক কিয়, এচাম ধুৰন্ধৰৰ বাবে বন্ধ কৰিব পৰা নাই এনে দুষ্কাৰ্য্য। উল্লেখ্য যে যোৱানিশা প্ৰায় ৯.৩০ বজাত কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত তথা সোণতলী আৰক্ষীৰ পহৰা চকীৰ এলেকাৰ ছমৰীয়াপামৰ পৰা ১৬ কিলো ২০০ গ্ৰাম অবৈধ গাঞ্জাসহ আটক কৰে অসাধু বেপাৰী ছাহেদ আলীক। প্ৰাপ্ত খবৰ অনুসৰি বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ চন্দ্ৰ নাথৰ তৎপৰতাত সোণতলী আৰক্ষী পহৰা চকীৰ বিষয়াৰ সহযোগত জব্দ কৰে গাঞ্জাসহ ব্যৱসায়ীজনক। জানিব পৰা মতে; গাঞ্জা ব্যৱসায়ী ছাহেদ আলীয়ে দীৰ্ঘদিন ধৰি সোণতলী অঞ্চলত চলাই আহিছিল এই মাৰাত্মক দ্ৰব্যৰ ব্যৱসায়। ইফালে, ছমৰীয়া পামৰ আমজাদ আলীৰ পুত্ৰ ছাহেদ আলীক আটক কৰাত অঞ্চলটোৰ সমাজ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। আৰক্ষীক এনে দুষ্কাৰ্য্য ৰোধ কৰিবলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে।

প্ৰেৰক  বিষ্ণু ৰাম দাস

You might also like