নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰে ৰিলিজ ১,০৬২, গুৱাহাটীত ৪১৭ পজিটিভ; পুনৰ ৬জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ ক’ৰোনা মহামাৰীত আক্রান্ত হৈ ৰাজ্যখনত পুনৰ প্রাণ হেৰুৱালে ৬গৰাকী লোকে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে টুইটাৰযোগে সেই কথা প্রকাশ কৰে৷ টুইটাৰত তেওঁ উল্লেখ কৰা অনুসৰি কৰিমগঞ্জৰ আব্দুল হালিম লস্কৰ (৭৫), এলেকজান বিবি (৫৫), নলবাৰীৰ ছাৰাফুদ্দিন আহমেদ (৫৪), কামৰূপ মেট্র’ৰ প্রভাতী দাস (৮৫), প্রফুল্ল শর্মা (৬০) আৰু সৰোজ কুমাৰ মজুমদাৰৰ (৭৮) মৃত্যু হয়৷ তেওঁলোকৰ মৃত্যুত মন্ত্রী ড০ শর্মাই গভীৰ শোক প্রকাশ কৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা ৭৬গৰাকীলৈ বৃদ্ধি পালে৷

আনহাতে, ৰাজ্যখনৰ ক’ভিডবিৰোধী যুঁজৰ ‘ক’ৰ টীমৰ ৩গৰাকী সদস্য ক্রমে স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক প্রদীপ টিমুং, উপ–সচিব সৌৰভ সেনাপতি আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মা যোৱা সপ্তাহটোত ক’ভিডত আক্রান্ত হয়৷ ডাঃ শর্মাক প্লাজমা থেৰাপীও প্রদান কৰা হৈছিল৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই তিনিওগৰাকীয়ে শীঘ্রেই সুস্থ হৈ উঠিব বুলি আশা প্রকাশ কৰে৷

ইপিনে, শুকুৰবাৰে ৰাজ্যখনত মহামাৰী ক’ৰোনাৰ সংক্রমণ অব্যাহত আছে৷ দিনটোত ৰাজ্যখনত মুঠ ১,১৩০ গৰাকী লোকৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰে৷ ইয়াৰে ৪১৭গৰাকী গুৱাহাটী মহানগৰীৰ৷ কাছাৰৰ ১০৪গৰাকী৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ১৬,১৭৮গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ বর্তমান ৰাজ্যখনত আক্রান্তৰ হাৰ ৬.৯৮ শতাংশ৷  সুস্থ হৈ ঘৰলৈ উভতিল ১,০৬২ গৰাকী ৰোগী৷ ৰাজ্যখনৰ সর্বমুঠ ২৯,৯২১গৰাকী ক’ৰোনা ৰোগীৰ ভিতৰত এতিয়ালৈ ২১,৭৬১গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান ৮,০৮১ গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷

আনহাতে ছোৱাব পৰীক্ষাৰ ক্ষেত্রত অসমে আজিলৈকে ৭,৩৯,৪৬৫টা নমুনা পৰীক্ষা কৰিবলৈ সক্ষম হৈছে৷ ইপিনে, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই আজি এখন সংবাদ মেলত প্রকাশ কৰা অনুসৰি এতিয়ালৈ অসম আৰক্ষীৰ ১,০৪৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ৩গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ৩১৬গৰাকী চিকিৎসাধীন হৈ আছে৷ আক্রান্তসকলক অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ হেল্পলাইন নম্বৰৰ পৰা নিতৌ দুবাৰকৈ টেলিফোনযোগে খা–খবৰ লোৱাৰ লগতে পৰিয়ালৰ লোকৰ সৈতেও যোগাযোগ কৰি থকা হৈছে৷

You might also like