নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফীক লৈ এতিয়াও আঁতৰা নাই জটিলতা

🔹 আইচিচিৰ ভার্চুৱেল বৈঠকত নহ’ল কোনো সিদ্ধান্ত : আজি পুনৰ বহিব বৈঠক

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : আইচিচি চেম্পিয়নছ ট্রফী ২০২৫ক লৈ এতিয়াও আঁতৰা নাই জটিলতা৷ অহা বর্ষত পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্রফীত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতীয় দলে পাকিস্তান ভ্রমণ নকৰে বুলি ঘোষণা কৰাৰ পিছতেই প্রতিযোগিতাখন পাকিস্তানত অনুষ্ঠিত হোৱাক লৈ প্রশ্ণ উত্থাপন হৈ আছিল৷ চেম্পিয়নছ ট্রফীৰ ভৱিষ্যতক লৈ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে কালি এক ভার্চুৱেল বৈঠকৰ আয়োজন কৰিছিল যদিও এই বৈঠকত কোনো মীমাংসা নহ’ল৷ কালি বিয়লি ৩.৩০ বজাত আইচিচিৰ ব’ৰ্ডৰ সদস্যসকলে বৈঠকত মিলিত হৈ চেম্পিয়নছ ট্রফীৰ ৰূপৰেখা আৰু সূচী চূড়ান্ত কৰাৰ কথা আছিল৷ ভার্চুৱেলী বৈঠকৰ নির্ধাৰিত সময়ৰ কিছু পূর্বে আইচিচিয়ে কয় যে শনিবাৰে পুনৰ বৈঠক অনুষ্ঠিত হ’ব৷ অৱশ্যে বৈঠকখন পিছুৱাই দিয়াৰ কোনো নির্দিষ্ট কাৰণ উল্লেখ কৰা হোৱা নাই৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই ভার্চুৱেলী বৈঠক মাত্র ১০ৰ পৰা ১৫ মিনিটৰ বাবেহে অনুষ্ঠিত হয়৷ আজিৰ বৈঠকতে চূড়ান্ত মীমাংসা হ’ব চেম্পিয়নছ ট্রফীক লৈ৷ অৱশ্যে আজি কেতিয়া বৈঠকখন অনুষ্ঠিত হ’ব সেই সন্দর্ভত আইচিচিয়ে কোনো মন্তব্য আগবঢ়োৱা নাই৷ ধাৰণা কৰা হৈছে যে আইচিচিয়ে ভাৰত আৰু পাকিস্তান ক্রিকেট ব’ৰ্ডক আৰু কিছু সময় দিব বিচাৰিছে৷ ইপিনে, আন এটা সূত্রই সদৰী কৰা মতে ১ ডিচেম্বৰত জয় শ্বাহে আইচিচিৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছত এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ এই বৈঠকত আইচিচিৰ ১২জন পূর্ণ সদস্য ব’ৰ্ডৰ প্রতিনিধি, তিনিজন সহযোগী সদস্য ব’ৰ্ডৰ প্রতিনিধি, এজন নিৰপেক্ষ পর্যবেক্ষক, আইচিচিৰ অধ্যক্ষ আৰু মুখ্য কার্যবাহী বিষয়া উপস্থিত থকাৰ সম্ভাৱনা আছে৷ ২০২৫ চনৰ চেম্পিয়নছ ট্রফী আয়োজন কৰিব পাকিস্তানে৷ কিন্তু বিচিচিআয়ে আইচিচিক জনাইছে যে ভাৰতীয় দলটোক পাকিস্তানলৈ প্রেৰণ কৰা নহ’ব৷ ইয়াৰ পিছতে চেম্পিয়নছ ট্রফী আয়োজনক লৈ জটিলতা আহি পৰে৷ উল্লেখ্য যে ২০০৮ চনৰ পিছৰে পৰা ভাৰতে পাকিস্তান ভ্রমণ কৰা নাই৷ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক বিবাদৰ পৰিপ্রেক্ষিতত দুয়োটা দলৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই৷ কেৱল আইচিচিৰ মূল ইভেণ্ট বা এছিয়া কাপতহে দুয়োটা দল মুখামুখি হৈছে৷ ৰাজনৈতিক বিবাদৰ বাবেই বিচিচিআয়ে পাকিস্তানৰ ভ্রমণৰ পৰিৱর্তে হাইব্রিড মডেলত চেম্পিয়নছ ট্রফী আয়োজনৰ প্রস্তাৱ দিছে৷ একে সময়তে পাকিস্তান ক্রিকেট ব’র্ডে আইচিচিক চেম্পিয়নছ ট্রফীৰ বাবে হাইব্রিড মডেলৰ ক্ষেত্রত সমর্থন নজনায় বুলি স্থিতি স্পষ্ট কৰি দিছে৷

You might also like