নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যতিক্ৰমী ৰূপত নিজৰ জন্মদিন উদযাপনেৰে আদৰ্শৰ পথ প্ৰাঞ্জলৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ সাম্প্ৰতিক সময়ত জন্মদিন মানেই এক ব্যয়বহুল আয়োজন। উৎসৱমুখৰ পৰিৱেশত নিজা ঘৰত অথবা বিলাসী হোটেলত ৰং-ৰহইছেৰে কেক কাটি উদযাপন কৰে জন্ম দিন। কিন্তু কালি নলবাৰী জিলাৰ কৈঠালকুছিৰ এগৰাকী যুৱকে জন্মদিন উদযাপন কৰিলে ব্যতিক্ৰমী ৰূপত। কৰ্মৰে নিজক সদায় জীলিকাই ৰাখিব খোজা কৈঠালকুছিৰ এই বিশেষ যুৱকজনৰ নাম হ’ল প্ৰাঞ্জল বৰ্মন৷ কৈঠালকুছি বজাৰ চ’কত “ৰিয়াশ্ৰী কম্পিউটাৰ এণ্ড ভেৰাইটিজ” নামৰ এখন দোকানৰ লগতে অৰুণোদয় কেন্দ্ৰ, কমন চাৰ্ভিছ চেন্টাৰ, ডিজিটেল সেৱা প্ৰতিষ্ঠান এটি খুলি পৰিয়াল পোহপাল দিয়া এই যুৱকজনৰ চিন্তা-কৰ্ম আন বহুতৰ বাবে হৈছে আদৰ্শৰ প্ৰতীক৷বিগত কিছু বছৰ ধৰি যুৱকজনে নিজৰ জন্মদিন হোটেল-ৰেষ্টুৰেণ্ট নাইবা নিজ ঘৰত বিশেষ পালন কৰাৰ পৰিৱৰ্তে পালন কৰিবলৈ চেষ্টা কৰিছে বৃহত্তৰ অঞ্চলটোৰ অসুস্থ, অকলশৰীয়া ব্যক্তি, অকলশৰীয়া বৃদ্ধ-বৃদ্ধা আৰু পিতৃ-মাতৃহীন শিশুৰ কাষত৷ সাধাৰণতে কেক কাটি জন্ম দিন উদযাপন কৰাৰ বিপৰীতে কৈঠালকুছি (কলিতাপাৰা) নিৱাসী গিৰিধৰ বৰ্মনৰ সন্তান প্ৰাঞ্জলে কালি তেওঁৰ ওপজা  দিনটোত জিলাখনৰ কৈঠালকুছি, গোৱৰাদল, ষাঠিকুছি আদি অঞ্চলৰ কেইবাগৰাকীও অসহায়, শাৰীৰিকভাৱে সক্ষম, অকলশৰীয়া লোক, অকলশৰীয়া বৃদ্ধ-বৃদ্ধা আৰু পিতৃ-মাতৃহীন তথা বিদ্যালয়ত অধ্যয়নৰত শিশুৰ ওচৰলৈ গৈ বিভিন্ন খাদ্য-সামগ্ৰীৰ লগতে বহী, কাগজ, কলম আদি প্ৰদান কৰে৷ প্ৰাঞ্জলে কেবল জন্মদিন বুলিয়েই নহয় বহু সামাজিক কাম-কাজৰ লগতে বিভিন্ন সময়ত বহুজন অসহায় মানুহক সহায় কৰি আহিছে৷ তেওঁৰ এই কৰ্ম সদায় অটুত ৰাখিবৰ বাবে শুভাকাংক্ষীসকলেও তেওঁলৈ জনাইছে শুভবাৰ্ত্তা৷ আনকি বৃহত্তৰ অঞ্চলসমূহৰ সচেতন মহলেও প্ৰাঞ্জলৰ এই কৰ্মক ভূয়সী প্ৰশংসা কৰাৰ লগতে এই কাৰ্য্য নৱ প্ৰজন্মৰ বাবে আদৰ্শ হব বুলি উল্লেখ কৰিছে৷ আমিও “নিয়মীয়া বাৰ্তা”ৰ তৰফৰ পৰা তেওঁলৈ ওপজা দিনৰ শুভেচ্ছা জনাই আশা কৰিছোঁ তেওঁৰ ব্যতিক্ৰমীতা নৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰওক৷ আনপিনে প্ৰাঞ্জলেও সকলোকে জন্ম দিনটো নিজৰ দিন হিচাপে লৈ সমাজৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক শৈলেন বৰ্মন
You might also like