নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত বাহৰ পাতি এটা অসাধু চক্রই জালনোটৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ সহজতে ধন ঘটাৰ লালসাত পৰি এই অসাধু চক্রটোৰ জালত ভৰি দিছে বহু যুৱক–যুৱতী৷ মহানগৰ আৰক্ষী আৰু এছটিএফে জালনোটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও অসাধু চক্রটোৱে ন ন কৌশলেৰে জালনোটৰ বেহা চলাই আহিছে৷ গুৱাহাটী মহানগৰীত চলিত বর্ষত এছটিএফ আৰু মহানগৰ আৰক্ষীয়ে অভিযান চলাই কেইবাকোটি টকাৰ জালনোটসহ অর্ধশতাধিক সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ তথ্য অনুসৰি চলিত বর্ষত এছটিএফে গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই ৫০ লক্ষাধিক টকাৰ জালনোটসহ ৩০টাৰো অধিক জালনোট সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ একেদৰে মহানগৰ আৰক্ষীয়েও অভিযান চলাই কেইবাকোটি টকাৰ জালনোটসহ ২০টাৰো অধিক সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে৷ চলিত মাহৰ ৯ নৱেম্বৰত মহানগৰ আৰক্ষীয়ে আইএছবিটিত অভিযান চলাই ৬০ লাখ টকাৰ জালনোটসহ হাফিজ আলী নামৰ এটা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছিল৷ জালনোট সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে মহানগৰ আৰক্ষী আৰু এছটিএফে অভিযান অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে মহানগৰীত চলি থকা জালনোটৰ ৰমৰমীয়া বেহাৰ ন ন তথ্য৷ শেহতীয়াকৈ গুৱাহাটীৰ মঠঘৰীয়াৰ জনৈক কালাম আৰু নলবাৰীৰ মাষ্টৰে গুৱাহাটীত জালনোটৰ বেহা চলাই থকাৰ তথ্য পোহৰলৈ আহিছে৷ কালামে গুৱাহাটীত সহজতে ধন ঘটাৰ টোপ দি একাংশ যুৱক–যুৱতীক প্রথমে ২,০০০ টকাৰ বিনিময়ত ১০,০০০ টকাৰ জালনোট দিয়ে৷ এনেদৰে বহু যুৱক–যুৱতীৰ জৰিয়তে কালামে গুৱাহাটীত জালনোটৰ প্রচলন কৰি আহিছে৷ আটাইতকৈ আশ্চর্যজনক কথা হৈছে যুৱক–যুৱতীসকলে কালামৰ পৰা লোৱা জালনোট বেংকৰ চিডিএম মেচিনৰ জৰিয়তে একাউণ্টত জমা কৰে৷ এই যুৱক–যুৱতীসকলে বেংকৰ চিডিএম মেচিনত জালনোট জমা কৰাৰ উপৰি সুৰাৰ বিপণী, মাছৰ ব্যৱসায়ীকে আদি কৰি অন্যান্য বজাৰ–সমাৰ কৰে৷ ৫০০ টকীয়া জালনোট আচল নোট বুলি চলোৱাৰ পিছতে কালামৰ পৰা পুনৰ যুৱক–যুৱতীসকলে জালনোট সংগ্রহ কৰে৷ এনেদৰে গুৱাহাটীত জালনোটৰ অবাধ প্রচলন হৈ আছে৷ পৰৱর্তী সময়ত কালামৰ সৈতে যোগাযোগ কৰিলে আচল ২ লাখ টকাৰ বিনিময়ত ১০ লাখ টকাৰ জালনোট আদায় দিব বুলি কৈ যুৱক–যুৱতীসকলক্ মঙলদৈ আৰু নলবাৰীলৈ নিয়ে৷ নলবাৰীত মাষ্টৰে নকল নোট যুৱক–যুৱতীসকলক্ আদায় দিয়ে৷ এই চক্রটোৰ জালত পৰি বহু যুৱক–যুৱতীয়ে সাঁচতীয়া ধন হেৰুৱাবলগীয়া হোৱা ঘটনাও সংঘটিত হৈছে৷ বেংকৰ চিডিএম মেচিনত কেনেদৰে ৫০০ টকীয়া জালনোট জমা হয়, তাক লৈ বিভিন্ন প্রশ্ণৰ অৱতাৰণা হৈছে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানত জালনোটৰ অবাধ প্রচলন হৈ থকা বিষয়টোৱে ৰাজ্যৰ অর্থনীতিৰ প্রতিও ভাবুকি কঢ়িয়াই আনিছে৷ গুৱাহাটীত ৫০০ টকীয়া জালনোটৰ প্রচলন বন্ধ কৰাৰ বাবে চৰকাৰ তথা আৰক্ষী–প্রশাসনে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷