নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ পৰা নামনিৰ ১৫খন আসন কাঢ়ি অনাৰ লক্ষ্য কংগ্রেছৰ

ৰিপুণৰ কটাক্ষ– ‘মোক অৱসৰ দি এপিচিচিৰ সভাপতি হ’ব ৰঞ্জিত দাস- বিজেপিৰ প্রাক্তন বিধায়ক দিলীপ মৰাণৰ কংগ্রেছত যোগদান

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  বিধানসভা নির্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত চলি থকা ব্যাপক কুচকাৱাজৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ মাজত আৰম্ভ হোৱা আক্রমণ–প্রত্যাক্রম তুংগত উঠিছে৷ শেহতীয়াকৈ ৰিপুণ বৰাক বিজেপি সভাপতি ৰঞ্জিত দাসে ২০২১ চনত কংগ্রেছ ক্ষমতালৈ নাহিলে ৰাজনীতিৰ পৰা অৱসৰ ল’বলৈ জনোৱা প্রত্যাহ্বানৰ পাছত দুয়োগৰাকী সভাপতিৰ মাজত আক্রমণ–প্রত্যাক্রম ৰোমাঞ্চকৰ হৈ পৰিছে৷ ২০২১ চনৰ নির্বাচনৰ পাছত হাইকমাণ্ডে ৰিপুণ বৰাক অৱসৰ দিব বুলি কালি সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যক লৈ বুধবাৰে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে উভতি ধৰিলে বিজেপিৰ সভাপতিগৰাকীক৷ কংগ্রেছৰ এক যোগদান কার্যসূচীত উপস্থিত থকা ৰিপুণ বৰাই এইবুলিও মন্তব্য কৰে যে ৰঞ্জিত দাসে ২০২১ চনৰ পাছত দলৰ হাইকমাণ্ডে কি সিদ্ধান্ত ল’ব, সেই কথা কৈ আমাৰ দলৰ হাইকমাণ্ডৰ সৈতে যে তেওঁৰ যোগাযোগ আছে, সেয়া স্পষ্ট কৰিছে৷ তেওঁ কয়– আমি জানি সুখী হৈছোঁ যে বিজেপিৰ সভাপতিজনে বিজেপিত থাকিও আমাৰ হাইকমাণ্ডৰ সৈতে সু–সম্পর্ক ৰাখিছে৷ দৰাচলতে ২০২১ চনত বিজেপি ক্ষমতালৈ নাহে, গতিকে দলে তেওঁক অৱসৰ দিব, সেয়া তেওঁ গম পাইছে৷ সেয়েহ তেওঁ ভাবিছে যে ৰিপুণ বৰাক অৱসৰ দিয়াই মই প্রদেশ কংগ্রেছৰ সভাপতি পদ ল’ব পাৰোঁ৷ তেওঁৰ এই চিন্তাধাৰা মই ভাল পাইছোঁ৷ তেওঁ আমাৰ দললৈ আহক, কিন্তু এটা কথা লক্ষ্য ৰাখিব, যাতে ৰাইজে দুতলীয়া বুলি নাভাবে৷ উল্লেখ্য যে ২০২১ চনত বিজেপি ধূলিসাৎ হ’ব বুলি ৰিপুণ বৰাই অলপতে মন্তব্য কৰিছিল৷ এই মন্তব্যৰ পাছতে সভাপতি ৰঞ্জিত দাসে কটাক্ষ কৰি কৈছিল– ৰিপুণ বৰাৰ বক্তব্যই মোক হাঁহিৰ খোৰাক যোগাইছে৷ ২০২১ চনত যদি বিজেপি চৰকাৰ ক্ষমতালৈ নাহে, তেন্তে মই ৰাজনীতিৰ পৰা অৱসৰ ল’ম৷ একে ধৰণে ৰিপুণ বৰায়ো ২০২১ চনত কংগ্রেছৰ চৰকাৰ নহ’লে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বুলি মোৰ প্রত্যাহ্বান গ্রহণ কৰক৷ ৰঞ্জিত দাসৰ এনে প্রত্যাহ্বানৰ বিপৰীতে ৰিপুণ বৰাই পলৰীয়া হৈ ৰাজনীতিৰ পৰা আঁতৰি নাযাওঁ বুলি মন্তব্য কৰিছিল৷ ৰিপুণ বৰা আৰু ৰঞ্জিত দাসৰ মাজত চলা এনে বাকযুদ্ধৰ মাজতে পুনৰ বিজেপি সভাপতিগৰাকীয়ে ৰিপুণ বৰাক দলে ২০২১ চনৰ পাছত বাধ্যতামূলক অৱসৰ দিয়াৰ কথা

উল্লেখ কৰি বিতর্ক অধিক তীব্রতৰ কৰি তোলে৷ ৰঞ্জিত দাসৰ এই বক্তব্যক বুধবাৰে উভতি ধৰি ৰিপুণ বৰাই ইয়াকো কয় যে বিজেপিৰ সভাপতিগৰাকীয়ে কংগ্রেছৰ হাইকমাণ্ডৰ লগত সু–সম্পর্ক ৰখা বিষয়টোৱে সকলোকে সুখী কৰিছে৷ ইফালে, বিজেপিয়ে উজনিত কংগ্রেছৰ পৰা সাতখন আসন কাঢ়ি অনাৰ হুংকাৰ দিয়াৰ পাছত  ৰিপুণ বৰায়ো নামনি অসমত বিজেপিৰ দখলৰ পৰা ১৫খন আসন কাঢ়ি অনাৰ হুংকাৰ দিলে৷ ৰিপুণ বৰাৰ মন্তব্য– ৰঞ্জিত দাস জ্যোতিষী বা ভগৱান নহয়, নির্বাচনৰ ফলাফল ঘোষণা হওক, তেতিয়া স্পষ্ট হ’ব সকলো দিশ৷বিজেপিৰ পৰা আমি নামনি অসমত ১৫খন আসন কাঢ়ি আনিম৷ মোৰ হাতত কোনকেইখন আসনত কংগ্রেছৰ জয়লাভ হ’ব, তাৰ সকলো তথ্য আছে৷ অকল নামনি অসমেই নহয়, উত্তৰ অসমতো আমি বিজেপিৰ পৰা আসন কাঢ়ি আনিম৷ উজনিত বিজেপিয়ে বৃহৎ জয় হ’ব বুলি কৈ আছে যদিও এইবাৰ তেওঁলোক উজনি অসমত ধূলিসাৎ হ’ব৷

উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কালি এইবুলি মন্তব্য কৰিছিল– কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই উজনিত বিজেপিয়ে সর্বাধিক লাভান্বিত হ’ব৷ উজনি অসমৰ গোলাঘাট, তিতাবৰ, সৰুপথাৰ, নাজিৰা, মৰিয়নি, শিৱসাগৰ আৰু ডুমডুমা সমষ্টিকেইটা কংগ্রেছৰ দখলৰ পৰা কাঢ়ি আনিব৷ যোৱা সময়ছোৱাত শাসকীয় আৰু বিৰোধী দল দুটাৰ সভাপতি দুগৰাকীয়ে বাকযুদ্ধ তথা আক্রমণ–প্রত্যাক্রম বিধানসভা নির্বাচনৰ প্রাকক্ষণত ৰাজনৈতিক পৰিৱেশ আকর্ষণীয় কৰি তুলিছে৷ উল্লেখ্য যে ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি শেহতীয়াকৈ কংগ্রেছ আৰু বিজেপিৰ মাজত চলি থকা এনে বাকযুদ্ধৰ মাজতে আজি কংগ্রেছত যোগ দিলে প্রাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে৷ দিছপুৰস্থিত মানৱেন্দ্র কমপ্লেক্সত বুধবাৰে কংগ্রেছৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত দিলীপ মৰাণৰ লগতে অসম সেনাৰ প্রাক্তন মুখ্য আহ্বায়ক নিৰঞ্জন নাথ, প্রাক্তন আছু নেতা দাদুল বৰকটকী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সোমা দাশগুপ্তৰ লগতে কেইবাজনো অভিনেতা, কণ্ঠশিল্পী, বাদ্যশিল্পীয়ে কংগ্রেছত যোগ দিয়ে৷

You might also like