নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ নাগৰিকৰ সুৰক্ষা

গুৱাহাটী বেলতলাৰ চন্দন নগৰত ২৫ অক্টোবৰৰ নিশা জ্যেষ্ঠ নাগৰিক ননীগোপাল বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাৰ নৃশংস হত্যাকাণ্ডই মহানগৰীখনকে নহয়, সমগ্র অসমকে জোকাৰি গৈছে৷ ৮৭ বছৰীয়া কেন্দ্রীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অৱসৰপ্রাপ্ত সঞ্চালক ননীগোপাল বৰুৱা আৰু তেওঁৰ ৬৭ বছৰীয়া পত্নী তথা অৱসৰপ্রাপ্ত শিক্ষয়িত্রী মীনা বৰুৱাক শোৱাপাটীতে হত্যা কৰা ঘটনাত ঘাইকৈ নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকল৷ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ মনোৰঞ্জন শর্মা আৰু প্রধান সম্পাদক বানেশ্বৰ খাউণ্ডে প্রকাশ কৰা অনুসৰি অসমত ২৫ লাখৰো অধিক জ্যেষ্ঠ নাগৰিক আছে৷ ৰাষ্ট্রীয় আৰু ৰাজ্যিক নীতি অনুসৰি ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ড০ শর্মা আৰু খাউণ্ডে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷ ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডই কেইবাটাও দিশ উন্মোচিত কৰিছে৷ মহানগৰীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো আপোন ঘৰখনত জ্যেষ্ঠ নাগৰিকসকল যে সুৰক্ষিত নহয় সেয়া স্পষ্ট হৈছে৷ বৃদ্ধ দম্পতীহালৰ উচ্চশিক্ষিত দুগৰাকী কন্যাৰ এগৰাকী মুম্বাইত আৰু এগৰাকী বিদেশত থাকে৷ অকলশৰীয়া বৃদ্ধ দম্পতীৰ সহায়ক হিচাপে ২০ বছৰে চৌহদতে থকা পৰিয়ালটোৰ এজন উক্ত হত্যাকাণ্ডত জড়িত বুলি আৰক্ষীয়ে দাবী কৰিছে৷ মাথোঁ ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাই নহয়, গুৱাহাটীকে ধৰি ৰাজ্যখনৰ সৰু–বৰ চহৰ অথবা গাঁৱত এনে বহু জ্যেষ্ঠ নাগৰিক আছে, যাৰ সন্তান কর্মক্ষেত্রৰ বাবে পৈতৃক গৃহত নাথাকে৷ জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব মাথোঁ ৰাজ্য চৰকাৰ অথবা আৰক্ষী বিভাগেই নহয়, আমাৰ সমাজেও গ্রহণ কৰিব লাগিব৷ আমাৰ সমাজৰ যৌথ পৰিয়াল ব্যৱস্থা ক্রমাগতভাৱে লোপ পোৱাৰ ফলত আমি সমাজ ব্যৱস্থাৰ পৰাও ক্রমাগতভাৱে আঁতৰি আহিছোঁ৷ ফলত ৰাজহুৱা কাম–কাজৰ প্রতি আগ্রহী লোকৰ সংখ্যাও দিনক দিনে কমিবলৈ ধৰিছে৷ আমাৰ নিৰাপত্তা, উন্নয়ন আদি সকলো কাম যেন চৰকাৰখনে কৰি দিব লাগিব– এই ধাৰণা সৃষ্টি হোৱাৰ ফলত আমি চুবুৰীয়াজনৰ সুখ–দুখৰ সমভাগী হোৱাৰ প্রয়োজন অনুভৱ নকৰা হৈছোঁ৷ এনেকৈ বিচ্ছিন্ন হৈ আমি এখন সুস্থ–সবল সমাজৰ কল্পনা কৰাটো কোনো কাৰণতে সম্ভৱ নহয়৷ ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাক যিদৰে শোৱাপাটীতে হত্যা কৰা হ’ল তাৰ পুনৰাবৃত্তি ৰাজ্যখনৰ যিকোনো ঠাইতে হোৱাৰ আশংকা নথকা নহয়৷ ধন–সম্পত্তিৰ লালসাত এনে ঘটনা সংঘটিত হোৱাৰ আশংকা পূৰামাত্রাই আছে৷ ৰাজ্যখনৰ প্রতিজন জ্যেষ্ঠ নাগৰিকক ঘৰে ঘৰে গৈ নিৰাপত্তা প্রদান কৰাটো ৰাজ্য চৰকাৰ অথবা আৰক্ষী বিভাগৰ বাবেও সম্ভৱ নহয়৷ কিন্তু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাজ্যৰ গৃহ তথা আৰক্ষী বিভাগে কেতবোৰ পদক্ষেপ গ্রহণ কৰিব পাৰে৷ বিশেষকৈ অকলশৰীয়া জ্যেষ্ঠ নাগৰিকসকলৰ তালিকা থানাসমূহে প্রস্তুত কৰি স্থানীয় নাগৰিক সমিতি গঠনৰ জৰিয়তে তেওঁলোকৰ নিৰাপত্তাহীনতা দূৰ কৰিব পাৰে৷
ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তৰূপে আৰক্ষীয়ে চিনাক্ত কৰিছে কেয়াৰটেকাৰ আকাশ চৌধুৰীক৷ বৰুৱা দম্পতীৰ সৈতে ২০ বছৰে থকা পুতু দাসৰ স্বামী হ’ল আকাশ চৌধুৰী৷ পুতু দাস আৰু আকাশ চৌধুৰীয়ে বৰুৱা পৰিয়ালৰ চৌহদতে আছিল৷ তেওঁলোকক বৰুৱা দম্পতীয়ে বিনামূলীয়াকৈ থকাৰ ঘৰ দিয়াৰ উপৰি সন্তানৰো পঢ়া–শুনাৰ ব্যয় বহন কৰিছিল৷ ইমানৰ পিছতো আকাশ চৌধুৰীয়ে ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাক হত্যা কৰিলে কিয়? প্রথম অৱস্থাত আৰক্ষীয়ে এই ঘটনাৰ অন্তৰালত মাটি–সম্পত্তিৰ বিষয় জড়িত থকা বুলি সন্দেহ কৰিছিল৷ কিয়নো হত্যাকাৰীয়ে বৰুৱা দম্পতীৰ কোনো ধন–সোণ লুট কৰা নাছিল৷ মাথোঁ ভূমিৰ নথিপত্র লৈ যোৱা বুলি কৈছিল৷ তদন্তকাৰী বিষয়াই ননীগোপাল বৰুৱাৰ কাষৰীয়া পৰিয়ালৰ চিচি টিভিৰ ফুটেজত ২৫ অক্টোবৰৰ মাজনিশা দুজন লোক প্রৱেশ কৰাৰ তথ্যও লাভ কৰিছিল৷ সেই দুজন লোক কোন আছিল সেয়াও স্পষ্ট হোৱা নাই আৰক্ষী৷ উক্ত হত্যাকাণ্ডত আকাশ চৌধুৰীয়েই হওক বা অন্য কোনোবাই হওক যিয়ে এনে নৃশংস কাণ্ড সংঘটিত কৰিছে সেয়া চিনাক্ত কৰি আইনগতভাৱে কঠোৰ শাস্তি দিবই লাগিব৷ কিয়নো ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডত মাথোঁ জ্যেষ্ঠ নাগৰিকসকলকেই নহয় সমাজৰ প্রতিজন লোক নিৰাপত্তাহীনতাত ভুগিছে৷ আমাৰ শিক্ষিত পৰিয়ালসমূহত এটা বা দুটা সন্তান আছে৷ নিজ সন্তানৰ পঢ়া–শুনাত আজিকালি প্রতিটো পৰিয়ালে সাধ্য অনুসৰি যিমান পাৰি ব্যয় কৰে৷ এই সন্তানসকল এদিন কর্মসংস্থাপনৰ তাগিদাত বাহিৰলৈ যাব, অকলশৰীয়া হ’ব পিতৃ–মাতৃ৷ এনে অৱস্থাত কি হ’ব পাৰে এনে আশংকা এতিয়া প্রায়বোৰ পৰিয়ালতে বিৰাজ কৰিছে৷ এনে জটিল সমস্যা সমাধান কৰিবলৈ হ’লে চৰকাৰখনৰ ওপৰতে ভৰসা কৰি থাকিলে নহ’ব৷ ইয়াৰ বাবে সমাজখনো সমানে জাগ্রত হ’ব লাগিব৷

You might also like